Tuesday, March 10, 2026
Homeঅসমমোৰ মৌনতাক নিষ্ক্ৰিয়তা বুলি ভুল কৰা উচিত নহয় : গৰিমা শইকীয়া গাৰ্গ

মোৰ মৌনতাক নিষ্ক্ৰিয়তা বুলি ভুল কৰা উচিত নহয় : গৰিমা শইকীয়া গাৰ্গ

জুবিন গাৰ্গক লৈ বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ হ’ল শিখা শৰ্মা। অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই গ্ৰেপ্তাৰ কৰে শিখা শৰ্মাক। মহানগৰী পাথৰকুঁৱেৰীস্থিত নীলাচল এপাৰ্টমেণ্টৰ পৰা গ্ৰেপ্তাৰ কৰে সততে বিতৰ্কত থকা শিখা শৰ্মাক।

কিছু সময় পূৰ্বে পুনৰ সামাজিক মাধ্যমত এই সন্দৰ্ভত এটা পোষ্ট লিখিছে জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। গৰিমা গাৰ্গে লিখিছে –

 

জুবিনৰ বাবে আমাক ন্যায় লাগে। সেই ন্যায় আহিব criminal justice system ৰ জৰিয়তে । কামখিনি কৰিব লাগিব ন্যায়ালয়ে আৰু চৰকাৰে আইনমতে ।#JusticeForZubeen এক স্বতঃস্ফূৰ্ত দাবী ৰাইজৰ… দেশৰ সাংবিধানিক ব্যৱস্থাৰ ওচৰত..যাতে সকলোৱে নিজ নিজ কৰ্তব্য পালন কৰে আন্তৰিকতাৰে, দায়িত্বশীলতাৰে আৰু যিমান পাৰি সিমান খৰতকীয়াকৈ । জুবিনক নি:স্বাৰ্থ ভাৱে ভালপোৱা সকলোৱে ঠিক সেইটোৱেই কৰি আছে ।

আৰম্ভণিৰে পৰা আমাৰ পৰিয়ালে যথাযথ আইনী পদক্ষেপ লৈ আহিছে । আমি ছিংগাপুৰ আৰক্ষী, অসম আৰক্ষী আৰু মাননীয় আদালততো প্ৰক্ৰিয়াটো ফ’ল’-আপ কৰি আছোঁ । আমি CID ত এজাহাৰ দিছোঁ । SIT গঠন হৈছে । SIT ৰ মূৰব্বী ছিংগাপুৰলৈ গৈ তদন্ত কৰিছে । হত্যাৰ অভিযোগ উত্থাপন কৰি ২৫০০ ৰো অধিক পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল কৰা হৈছে । আমি আদলতলৈও গৈ আছোঁ । ছিংগাপুৰত ক’ৰ’ণাৰ আদালতত আমাৰ খুৰাদেৱে পৰিয়ালৰ হৈ বিশদ বিবৃতি দাখিল কৰিছে ।

এই সকলোবোৰ আইনগতভাৱে কৰি অহা হৈছে ।

মানুহে অনুভৱ কৰা খং আৰু বেদনা বুজি পাওঁ, যিটো অনুভৱ আমাৰ মাজতো প্ৰতিক্ষণতে থাকে। জুবিন সকলোৰে । সেইবাবেই তেওঁৰ সেই অভাৱনীয় ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে সঠিক তদন্তৰ বাবে স্বতঃস্ফূৰ্ত ৰাজহুৱা দাবী উত্থাপন হৈছিল । কিন্তু তাৰ সমান্তৰালকৈ একাংশ লোকে এই দুৰ্ভাগ্যজনক ঘটনাটোক নিজৰ সুবিধাৰ বাবে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছিল । এতিয়াও কৰি আছে। চৰিত্ৰ হনন / কুৎসা ৰটনা কৰিবলৈও এওঁলোকে কুন্ঠাবোধ নকৰে ।

আজি চৰিত্ৰহননত নামি পৰা, মোক আৰু আমাৰ পৰিয়ালটোক আক্ৰমণৰ লক্ষ্য কৰি লোৱা লোক আৰু জনা–নজনা, নতুন নতুন হঠাৎ সক্ৰিয় একাউণ্টবোৰ এনে কুটিল অভিযানৰে অংশ ।

প্ৰশ্ন হল:

ইয়াৰ আঁৰত কোন?

কিয় এইবোৰ কৰি থকা হৈছে?

কাৰ কি উদ্দেশ্য সাধন হৈছে?

মোৰ মৌনতাক নিষ্ক্ৰিয়তা বুলি ভুল কৰা উচিত নহয় ।

মোৰ স্থিৰতাক দুৰ্বলতা বুলি ভুল কৰা উচিত নহয় ।

আইনৰ প্ৰতি মোৰ বিশ্বাসক আপোচ বুলি ভুল কৰা উচিত নহয়।

 

জুবিনৰ শেষ যাত্ৰাত ৰাইজ যেনেদৰে ওলাই আহিল সেয়া অভূতপূৰ্ব । যিটো সন্দেহজনক পৰিস্থিতিত জুবিন আমাৰ মাজৰপৰা আঁতৰি গ’ল, সেয়া এতিয়াও ৰহস্য ! অসংখ্যজন ৰাজপথলৈ ওলাই আহি হিয়া উজাৰি চিঞৰি

ন্যায় বিচাৰিলে । #JusticeForZubeen হৈ পৰিল এক সত্য সন্ধানী মন্ত্ৰ ।

মোৰো/আমাৰো তেনেদৰে চিঞৰিবলৈ মন যায় । কিন্তু সংযত হৈ থাকোঁ । কাৰণ সুবিধাবাদীয়ে সুবিধা ল’ব । অৰাজকতা হ’বলৈ আমি এৰি দিব নোৱাৰোঁ । জুবিনে অসমখন সুন্দৰ কৰিব খুজিছিল – সাতামপুৰুষীয়া মিলা প্ৰীতি অক্ষুণ্ণ ৰাখি ।

ন্যায় আনিব লাগিব আমি আইনী ব্যৱস্থাৰ মাজেৰে । তেতিয়াও পিচে ৰাইজৰ মত আটাইতকৈ গুৰুত্বপূৰ্ণ । ৰাইজৰ মতক উলাই কৰিব কোনেও নোৱাৰে । ৰাইজৰ মতৰ

শৃংখলাবদ্ধ প্ৰকাশ অধিক ভয়ংকৰ ।

আমাৰ পৰিয়াল জুবিনক ভাল পোৱা সকলোৰে ওচৰত কৃতজ্ঞ। তেওঁলোকৰ এই মৰম আমাৰ ন্যায় যুদ্ধৰ এক প্ৰধান সাহস । শিখা শৰ্মাৰ দৰে হয়তো আন আৰু বহু কিবাকিবি distractions আহি থাকিব মাজে মাজে। কিন্তু আমি যাতে কেতিয়াও মূল লক্ষ্যৰ পৰা বিচলিত নহওঁ ! এইবোৰ কোনোবা বিশেষ চক্ৰৰ কিবা কু-পন্থাও হ’ব পাৰে! জুবিন গাৰ্গে ন্যায় পাবই লাগিব । এই সময়ত অসম আৰু অসমীয়াৰ বাবে ইয়াতকৈ আৰু ডাঙৰ আবেগ/অনুভৱ হয়তো নাই !আমি দৃঢ়ভাৱে তাতেই সুস্থিৰ হৈ থাকিম/ থাকিব লাগিব 🙏🙏

 

#JusticeForZubeenGarg

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments