Facebookত গৰিমা শইকীয়া গাৰ্গৰ আবেগিক পোষ্ট। গৰিমা গাৰ্গে লিখিছে:
আমি এই টোকাটো অসমৰ ৰাইজ, অসম চৰকাৰ আৰু জুবিন গাৰ্গক ভালপোৱা সকলোৰে আগত স্বচ্ছতা, মৰ্যাদা, আৰু সত্যৰ মনোভাৱেৰে আগবঢ়াইছোঁ।
২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত জুবিন গাৰ্গক হেৰুওৱাৰ পৰাই আমাৰ পৰিয়ালটোৱে শ্বক, শোক, আৰু গভীৰ ব্যক্তিগত আঘাতৰ মাজেৰে জীয়াই আছে। হঠাৎ হোৱা সেই ক্ষতিয়ে আমাক আৱেগিকভাৱে বিপৰ্যস্ত কৰি তুলিছিল। সেই প্ৰথম জটিল দিনবোৰত আমাৰ পৰিয়ালটো গভীৰভাৱে শোকত ভাগি পৰিছিল আৰু তাৎক্ষণিক আইনী পদক্ষেপ ল’ব পৰা অৱস্থাত নাছিল। কেইদিনমানৰ পাছত যেতিয়া ছ’চিয়েল মিডিয়া আৰু টেলিভিছনত ছিংগাপুৰৰ য়টৰ ভিডিঅ’বোৰ ওলাই আহিল, তেতিয়াহে পৰিয়ালটোৱে গম পালে যে মৃত্যুটো স্বাভাৱিক নহয় আৰু ভিজুৱেলৰ পৰা কেইবাটাও সন্দেহৰ সৃষ্টি হ’ল। তাৰ পাছত লগে লগে আমি আনুষ্ঠানিক আইনী ব্যৱস্থাৰ বাবে এফআইআৰ দাখিল কৰিলোঁ।
অৱশেষত ছিংগাপুৰ আৰক্ষীয়েও তেওঁলোকৰ ফালৰ পৰা তদন্ত আৰম্ভ কৰিলে আৰু মাজে মাজে আমাৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰিলে। আমি তেওঁলোকৰ প্ৰতি সম্পূৰ্ণ সহযোগিতা, তথ্য আৰু এই সন্দৰ্ভত আমাৰ বক্তব্যও আগবঢ়াইছিলোঁ। কিন্তু যিহেতু সেই তদন্ত বেলেগ দেশৰ পৰা কৰা হৈছিল আৰু তেওঁলোকৰ পৰিসীমাৰ ভিতৰত তেওঁলোকে প্ৰক্ৰিয়াটো কৰি আছিল, এই সকলো যোগাযোগৰ অংশ SPFৰ সৈতে আমি তদন্তৰ অখণ্ডতাক সন্মান কৰিবলৈ ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰা নাছিলোঁ বা আপলোড কৰা নাছিলোঁ।
মন কৰিবলগীয়া যে-
১) ছিংগাপুৰ কৰ্তৃপক্ষই নিজাববীয়া অনুসন্ধান আৰম্ভ কৰে
এই কাণ্ডৰ লগে লগে ছিংগাপুৰ আৰক্ষী আৰু কৰ্তৃপক্ষই নিজাববীয়াকৈ তদন্ত আৰম্ভ কৰে। ছিংগাপুৰত থকা ভাৰতীয় উচ্চায়ুক্তই মৰণোত্তৰ পৰীক্ষাকে ধৰি সকলো আইনী আৰু চিকিৎসা প্ৰক্ৰিয়াৰ সমন্বয়ৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে জড়িত আছিল।
২) দেশৰ বিধানত সম্পূৰ্ণ বিশ্বাস:
ভাৰতীয় আইন ব্যৱস্থাৰ প্ৰতি আমি সম্পূৰ্ণ বিশ্বাস প্ৰকাশ কৰিলোঁ। আনকি ছিংগাপুৰৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনও পৰিয়ালটোৱে পোনপটীয়াকৈ লাভ কৰা নাছিলোঁ যদিও ছিংগাপুৰ আৰক্ষীয়ে আমাৰ সৈতে যোগাযোগ কৰিছিল, আনুষ্ঠানিকভাৱে ইয়াক ভাৰতীয় উচ্চায়ুক্তৰ জৰিয়তে প্ৰেৰণ কৰিবলৈ অনুৰোধ কৰা হৈছিল, যাতে সকলো কাৰ্যবিধি দুয়োখন দেশৰ মাজত সাৰ্বভৌম সমন্বয়ৰ পৰিকাঠামোৰ ভিতৰতে থাকে।
৩) অসমত এফ আই আৰ আৰু তদন্ত:
স্বাস্থ্যজনিত অৱস্থাই অনুমতি দিয়াৰ পাছতেই মই আৰু মোৰ পৰিয়ালে চি আই ডি, অসমত এফ আই আৰ দাখিল কৰিলোঁ। অসম চৰকাৰে এটা বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰিছিল। তদন্তৰ অংশ হিচাপে এছ আই টিৰ মুৰব্বী আৰু জ্যেষ্ঠ বিষয়াৰ এটা দল ছিংগাপুৰলৈ যাত্ৰা কৰে। কেইবামাহো তদন্তৰ অন্তত অসম আৰক্ষীয়ে ২৫০০ পৃষ্ঠাৰো অধিক অভিযোগনামা দাখিল কৰে আৰু সংগ্ৰহ কৰা প্ৰমাণৰ ভিত্তিত হত্যাৰ সৈতে জড়িত ধাৰাসমূহ আৰোপ কৰে।
৪) দুয়োখন ন্যায়িক অধিকাৰক্ষেত্ৰতে নিৰন্তৰ অনুসৰণ :
আমাৰ পৰিয়ালটোৱে দুয়োখন দেশৰ কৰ্তৃপক্ষৰ সৈতে অহৰহ যোগাযোগ ৰাখিছে। আমি কেতিয়াও সত্যানুসন্ধানৰ পৰা আঁতৰি যোৱা নাই, থমকি ৰোৱা নাই বা লঘু কৰা নাই। আমি প্ৰতিটো এজেঞ্চীৰ সৈতে সম্পূৰ্ণ সহযোগিতা কৰিছোঁ, ইমেইল, ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে আৰু কেতিয়াবা ৱাটচএপ মেছেজৰ জৰিয়তে আমাক উপলভ্য সকলো তথ্য যোগান ধৰিছোঁ, যেতিয়াই তেওঁলোকে বিচাৰিছিল… আমাক যেতিয়াই ফোন কৰিছিল, তেতিয়াই কাৰ্যবিধিত উপস্থিত আছিলোঁ।
৫) ২০২৬ চনৰ ১৪ জানুৱাৰীত ছিংগাপুৰৰ ক’ৰনাৰ্ছ আদালতৰ কাৰ্যবিধিত অংশগ্ৰহণ।
আমাৰ পৰিয়ালৰ এজন জ্যেষ্ঠ, পৰিয়ালৰ সদস্য, খুৰা মনোজ বৰঠাকুৰে যোৱা ১৪ জানুৱাৰীত উপস্থিত দুজন ৰাজ্যিক লোক অধিবক্তাৰ সহায়ত ছিংগাপুৰত সন্মানীয় কৰ’নাৰ্ছৰ সন্মুখত এটা বিশদ বিবৃতি দাখিল কৰে। ইয়াত নিম্নোক্ত বিষয়সমূহৰ সম্পৰ্কে নিৰ্দিষ্ট বাস্তৱিক প্ৰশ্নসমূহ ৰেকৰ্ডত ৰখা হৈছিল:
• সেই অভিশপ্ত দিনটোত আউটিঙৰ পৰিকল্পনা
• সেই সময়ত জুবিনৰ শাৰীৰিক আৰু চিকিৎসাজনিত অৱস্থা
• য়টত সুৰক্ষাৰ ব্যৱস্থা
• যি পৰিস্থিতিত তেওঁ সাগৰত প্ৰৱেশ কৰিছিল, সেই মুহূৰ্তত কোৱা কথাবোৰ
• য়টত তেওঁৰ চৌপাশৰ মানুহৰ সঁহাৰি, যেতিয়া তেওঁ আত্মৰক্ষাৰ চেষ্টা কৰিছিল কৰিছিল..
• সমগ্ৰ বিশ্বতে ছ’চিয়েল মিডিয়াত প্ৰচাৰিত ভিডিঅ’বোৰত ইমান স্পষ্টকৈ দেখা পোৱা গাফিলতি।
• চিকিৎসা সাহায্যৰ সময় আৰু পৰ্যাপ্ততা
• “কোনো ফাউল প্লে”ৰ সন্ধানৰ পৰিসৰ।
এই প্ৰশ্নবোৰ স্বাভাৱিকভাৱেই উত্থাপন হয় আৰু অস্পষ্ট পৰিস্থিতিত হঠাতে এটা জীৱন শেষ হ’লে এইবোৰ এটা পৰিয়ালৰ অধিকাৰ আৰু কৰ্তব্য।
৬) ভাৰত চৰকাৰ আৰু অসম চৰকাৰলৈ আবেদন :
আমি ভাৰত চৰকাৰ আৰু অসম চৰকাৰক শ্ৰদ্ধাৰে আহ্বান জনাইছোঁ যে:
• ছিংগাপুৰৰ কৰ’নাৰ্ছ আদালতত সৰ্বোচ্চ পৰ্যায়ত কাৰ্যবিধি নিৰীক্ষণ কৰা
• প্ৰতিটো প্ৰাসংগিক তথ্য যাতে আদালতৰ সন্মুখত ৰখা হয় তাৰ বাবে প্ৰয়োজনীয় সকলো কূটনৈতিক আৰু আইনী পদক্ষেপ গ্ৰহণ কৰা
• ইতিমধ্যে দাখিল কৰা অভিযোগনামাৰ ভিত্তিত ভাৰতত ক্ষিপ্ৰ আৰু ফলপ্ৰসূ গোচৰ চলোৱা
• নিশ্চিত কৰক যে কোনোটোৱেই যাতে পলম বা বিষয়টো লঘু কৰাৰ অজুহাত নহয়।
আমি নিৰ্দ্বিধায় ক’ব বিচাৰিছোঁ:
আমাৰ পৰিয়ালে তেওঁলোকৰ বাবে উপলভ্য প্ৰতিটো বৈধ পথ অন্বেষণ কৰিছে। কোনো সংকোচ আৰু আপোচো নাথাকিব। প্ৰতিটো পদক্ষেপ অধ্যৱসায়, মৰ্যাদা আৰু দেশৰ বিধানৰ প্ৰতি বিশ্বাসেৰে লোৱা হৈছে।
জুবিন কেৱল আমাৰ পৰিয়ালৰেই সদস্য নাছিল। তেওঁ অসমৰ আছিল। তেওঁ ইয়াৰ মানুহ, ইয়াৰ সংগীত আৰু ইয়াৰ আৱেগিক স্মৃতিৰ অন্তৰ্গত আছিল। সেয়েহে উত্তৰ বিচৰা লাখ লাখ লোকৰ যন্ত্ৰণা বুজি পোৱাটো গুৰুত্বপূৰ্ণ।
আমি মাত্ৰ এটা বস্তুহে বিচাৰি আছো:যে সমগ্ৰ সত্যটো— গ্ৰহণ কৰা প্ৰতিটো কাৰ্য, কোৱা প্ৰতিটো শব্দ, হেৰুওৱা প্ৰতিটো মুহূৰ্ত— সম্পূৰ্ণ আৰু স্বচ্ছভাৱে পৰীক্ষা কৰা হওক আৰু দোষীক সৰ্বোচ্চ পৰ্যায়ত শাস্তি দিয়া হওক আৰু তাৰ বাবে আমি উপলভ্য প্ৰতিটো আইনী পথত আগবাঢ়িম—গম্ভীৰভাৱে, ধাৰাবাহিকভাৱে আৰু সদ্ভাৱে।
