Tuesday, July 8, 2025
Homeঅসমযান-বাহন আৰক্ষীক প্ৰশিক্ষণ দিয়াৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

যান-বাহন আৰক্ষীক প্ৰশিক্ষণ দিয়াৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ডিজিটেল ডেস্ক ANEWS24X7: ৰাজপথত সততে শুনিবলৈ পোৱা যায় যান-বাহন আৰক্ষীৰ ধমক । গুৱাহাটীৰ ৰাজপথত যান–বাহন আৰক্ষীৰ ক্ষমতাৰ অপব্যৱহাৰ অভিযোগ পুৰণি ।এনে এটা অভিযোগ পালেগৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়া ।উচ্চতম ন্যায়ালয়ৰ অধিবক্তা মনীষ গোস্বামীয়ে যোৱা মাৰ্চ মাহত গুৱাহাটীৰ পাণবজাৰৰ এটা ঘটনাৰ উচ্চ ন্যায়ালয়ৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ পত্ৰ লিখিছিল।অধিবক্তা মনীষ গোস্বামীৰ পত্ৰৰ ভিত্তিতে গুৱাহাটী উচ্চ ন্যায়ালয়ে এক নিজাববীয়া গোচৰ ৰুজু কৰি শুনানি আৰম্ভ কৰিছিল ।

মুখ্য ন্যায়াধীশ আৰ এম চায়াৰ নেতৃত্বত গঠিত এখন খণ্ড বিচাৰপীঠে এই গোচৰৰ শুনানী গ্ৰহণ কৰে । শুনানীৰ অন্তত মঙলবাৰে মুখ্য ন্যায়াধীশ আৰ এম চায়াৰ খণ্ড বিচাৰপীঠে ৰায় প্ৰদান কৰে । আৰক্ষীক প্ৰশিক্ষণৰ নিৰ্দেশ দিয়ে । উচ্চ ন্যায়ালয়ে কৰ্তব্যৰত যান-বাহন আৰক্ষীক সাধাৰণ নাগৰিকৰ ওপৰত মাৰ্জিত আচৰণ কৰিবলৈ নিৰ্দেশ দিয়ে । এই সন্দৰ্ভত যান-বাহন আৰক্ষীক যাৱতীয় প্ৰশিক্ষণ দিবলৈও নির্দেশ দিয়ে ন্যায়ালয়ে।

ইয়াৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰতিখন জিলাত ট্ৰেফিক কনিষ্টবল সকলক নাগৰিকৰ সৈতে কেনে ব্যৱহাৰ কৰিব লাগে সেই বিষয়ে প্ৰশিক্ষণ দিবলৈ নির্দেশ দিয়ে। লগতে আৰক্ষীৰ দায়িত্ব কি , কৰ্তব্য কি এই বিষয়ে অৱগত কৰিবলৈও নিৰ্দেশ দিয়ে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments