ডিজিটেল ডেস্ক ANEWS24×7: গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক ড০ ধ্ৰুৱজ্যোতি চৌধুৰীক নিলম্বন । ২০২২ বৰ্ষৰ স্নাতক পৰ্যায়ৰ পৰীক্ষাৰ ফলাফল পলম হোৱাৰ বাবে এই শাস্তিৰ সন্মুখীন হৈছে পৰীক্ষা নিয়ন্ত্ৰকগৰাকী । নিয়ন্ত্ৰকগৰাকীৰ বিৰুদ্ধে বিশ্ববিদ্যালয়ৰ অনুশাসন ভংগ কৰাৰ অভিযোগ উত্থাপন হৈছিল ।
এই অভিযোগৰ ভিত্তিতে পৰৱৰ্তী নিৰ্দেশ নহা পৰ্যন্ত Assam Services (Discipline & Appeal) Rules, 1964ৰ অধীনত কাৰ্যকৰী হোৱাকৈ নিলম্বনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ।
আনহাতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ড০ দেৱহৰি তালুকদাৰক গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন পৰীক্ষা নিয়ন্ত্ৰকৰ দায়িত্ব অৰ্পণ কৰিছে।গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা অফিচিয়েল ৱেবচাইটত আপ্লুত কৰা হৈছে এই নিৰ্দেশনা ।