APCCৰ সভাপতিৰ দায়িত্ব লাভ কৰাৰ পিছতেই গৌৰৱ গগৈ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য
“আমাৰ কাৰণে এটাই ভাল হ’ল যে, অহা ১০ ছেপ্টেম্বৰত যিখিনি কথা প্ৰকাশ পাব, আগতে গৌৰৱ গগৈয়ে এজন ব্যক্তি হিচাপে উত্তৰ দিব লাগিলহেতেন, তাৰপিছত সাংসদ হিচাপে উত্তৰ দিব লাগিলহেতেন, এতিয়া গোটেই পাৰ্টীটোক লৈয়ে ডুবিব। গতিকে ভাল কথা আমাৰ কাৰণে সহজ হৈ গ’ল।
ইয়াৰ লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰিপুণ বৰাৰ এক কথাৰ আঁত ধৰি কয় যে, “ৰিপুণ বৰাই চাৰিটামান আচৰিত কথা কৈছে। এটা কৈছে যে গৌৰৱ গগৈৰ পৰিয়ালত ৪জন মানুহ, তাৰে ৩জনেই ভাৰতীয় নহয়। কিন্তু কেৱল নহয় বুলি ক’লেই নহ’ব, নোহোৱাৰ প্ৰক্ৰিয়াটো মই ক’ম ১০ তাৰিখে।”
“যেতিয়া পাৰ্টীটো ভাঙি যায়, তেতিয়া তেওঁলোকে আপোনাৰ মোৰ দৰে সাধাৰণ ঘৰৰ মানুহক ব্যৱহাৰ কৰিব।”