মুখ্যমন্ত্ৰীৰ এই সংবাদমেলৰ পিছত আজি গৌৰৱ গগৈয়ে ৰাজীৱ ভৱনত এক সংবাদমেলৰ আয়োজন কৰি মুখ্যমন্ত্ৰীৰ এই সংবাদমেলক ভেল্কীবাজী আখ্যা দিয়ে।
গৌৰৱ গগৈয়ে সংবাদমেলত কয়, ‘‘মুখ্যমন্ত্ৰীক প্ৰতিক্ৰিয়া দিবলৈ এই সংবাদমেল আয়োজন কৰা নাই৷ অসমৰ ৰাইজ যাতে বিভ্ৰান্ত নহয় তাৰ বাবে আমি সংবাদমেল দিছোঁ। মোক যিমান আক্ৰমণ কৰে কৰক, সিমানখিনি সহ্য কৰিবলৈ মোৰ সাহস আছে, মই লাচিতৰ বংশৰ মানুহ, মই প্ৰয়াত তৰুণ গগৈৰ পুত্ৰ। কিন্তু যদি আমাৰ কৰ্মীৰ ওপৰত আক্ৰণ কৰে, সাধাৰণ নাগৰিকৰ ওপৰত আক্ৰমণ কৰে, তেতিয়া মই বহিনাথাকিম।’’
‘‘মুখ্যমন্ত্ৰীয়ে কৰা অভিযোগৰ এটাও প্ৰমাণ দিব নোৱাৰিলে, যাৰ কাৰণে আমি ৰাজনৈতিকভাৱে জয়ী হ’লো৷ মুখ্যমন্ত্ৰী ইমান তললৈ গ’ল যে, মোৰ ১০ বছৰীয়া, ৫ বছৰীয়া ল’ৰা-ছোৱালীৰ কথা ৰাজহুৱাকৈ ক’বলৈও কুণ্ঠাবোধ নকৰিলে৷ আমি আইনী ব্যৱস্থা গ্ৰহণ কৰিম এইক্ষেত্ৰত৷’’
‘‘যোৱা বৰ্ষৰ জুন মাহত দিল্লীত সংবাদমেলত মই নিজেই কৈছিলোঁ যে মোৰ পত্নীৰ লগত মই পাকিস্তানলৈ গৈছিলোঁ আৰু সেই তথ্য কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আছে। মোদী চৰকাৰ ২০১৪ চনতেই সকলো জ্ঞাত হৈছিল, এতিয়া কি নতুন কথা আহিল। ২০১২ত মোৰ পত্নী এটা আন্তঃৰাষ্ট্ৰীয় প্ৰজেক্টৰ বাবে আমেৰিকাত আছিলI যাৰ ফাণ্ডিং কৰে ব্ৰিটিছ চৰকাৰ, নেদাৰলেণ্ড চৰকাৰেI এই কামৰ বাবে তেওঁ যাব লগা হয় আৰু তেওঁৰ স্বামী হিচাপে গৈছোঁ। মই মোৰ পত্নী তাত কেনেকৈ আছে জানিবলৈ মই যোৱাটোত অপৰাধ নেকি?’’
‘২০১৪ চনত মই মোৰ পত্নীৰ সৈতে পাকিস্তানলৈ গৈছিলোঁ৷ মই যে পাকিস্তান গৈছিলোঁ কেন্দ্ৰীয় চৰকাৰে জানে৷ মোৰ পাছপ’ৰ্ট মই কেন্দ্ৰীয় চৰকাৰক ঘূৰি আহি জমা দিছোঁ৷ মই যি কৈ আছোঁ তাকেই মুখ্যমন্ত্ৰীয়ে কৈ আছে৷ কি নতুন কথা ক’লে মুখ্যমন্ত্ৰীয়ে৷ মই জলবায়ু পৰিৱৰ্তনক লৈ মোৰ পত্নীয়ে এটা প্ৰকল্পত পাকিস্তানত এবছৰ কাম কৰিছিল৷ মই স্বামী হিচাপে, সংগী হিচাপে ময়ো গৈছিলো। তাত কেনেকৈ থাকে, কেনেকুৱা পৰিৱেশ, তক্ষশীলা বিশ্ববিদ্যালয়ৰ প্ৰত্নতাত্বিক ঠাইলৈ গৈছিলো৷’’
‘‘হয় মই প্ৰথম লাহোৰ গৈছিলোঁ আৰু তাত মোৰ তক্ষশীলা যাবলৈ মন গৈছিল, প্ৰাচীন কীৰ্তিচিহ্ন হিচাপে। পাকিস্তানলৈ গৈ মই ক’ত ক’ত ঘূৰি ফুৰিছোঁ মইটো কৈছোঁ। আমি মোদী চৰকাৰক ২০১৪তে ক’ত ক’ত গৈছোঁ চব ষ্টাম্প দি দিছোঁ। মই উত্তৰ দিবলৈ সাজু আছিলোঁ, কিন্তু মুখ্যমন্ত্ৰীয়ে ১০ দিন ১০ দিন কৈ থকা SITৰ সাহস নহ’ল মোক এবাৰ সুধিবলৈ। SITয়ে মই পাকিস্তানত গৈ ১০ দিন ক’ত কি কৰিলোঁ মোক কিয় এবাৰো নুসুধিলে? মইটো কৈ দিছিলোঁ SITয়ে বিচাৰিলে মই নিজেই খোজ কাঢ়ি তেওঁলোকৰ অফিচলৈ যাম।’’
‘‘বৰ্তমান সময়ত মোৰ পত্নীৰ পাকিস্তানত বেংক একাউণ্ট নাইI পাকিস্তানৰ পৰা আহোতেই বেংক একাউণ্ট বন্ধ কৰি আহিছে। মোৰ পত্নীয়ে পাকিস্তানত কৰা প্ৰগ্ৰেমটো এটা আন্তঃৰাষ্ট্ৰীয় প্ৰগ্ৰেমI মুখ্যমন্ত্ৰীয়ে কৈ থকা মোৰ পত্নীৰ দৰমহা পাকিস্তানৰ টকা নহয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা অহা টকা। যি সময়ত মোৰ পৰিবাৰ পাকিস্তানত আছিল, সেই সময়ত তেওঁৰ একাউণ্টত বাহিৰৰ NGOৰ পৰা সোমাইছিল৷ সেয়া আন্তঃৰাষ্ট্ৰীয় ফাণ্ড৷ যেতিয়া পাকিস্তানৰ পৰা ভাৰতলৈ আহিল তেতিয়া এমাহৰ কাৰণে পত্নীৰ একাউণ্টত ধন সোমাইছিল, সেয়া সকলো তথ্য আছে৷’’
