Wednesday, July 9, 2025
Homeঅসমচৰকাৰে কোনো পক্ষ ল'ব নালাগে: গৌৰৱ গগৈ

চৰকাৰে কোনো পক্ষ ল’ব নালাগে: গৌৰৱ গগৈ

মহেন্দ্ৰ পগাগ, গহপুৰ: বিহালীত লোকসভাৰ সাংসদ তথা বিৰোধী দলৰ উপদলপতি গৌৰৱ গগৈৰ দ্বিতীয় দিনৰ কাৰ্যসূচী, গাংমৌথানত মূৰ দোৱাই আৰম্ভ নিৰ্বাচনী ৰাজনীতি

বিহালীত লোকসভাৰ সাংসদ তথা বিৰোধী দলৰ উপদলপতি গৌৰৱ গগৈৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত আজি ঐতিহ্যমণ্ডিত গাংমৌথানত মূৰ দোৱাই আৰম্ভ কৰিলে নিৰ্বাচনী ৰাজনীতি । ৰাজ্যৰ ৫ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ পূৰ্বে দলে বিহালীৰ আহ্বায়কৰ দায়িত্ব গৌৰৱ গগৈক প্ৰদান কৰাৰ পিছতে দুদিনীয়া কাৰ্যসূচীৰে বিহালীত দ্বিতীয়বাৰৰ বাবে উপস্থিত হৈছে সাংসদ গৰাকী । শেহতীয়াকৈ, বিশ্বনাথ আৰু শোণিতপুৰ জিলাৰ ১৯ খন গাওঁ চৰকাৰে ৰাইজৰ লগত আলোচনা নকৰাকৈ বিটিআৰত অন্তৰ্ভুক্ত কৰা সন্দৰ্ভত কয়, চৰকাৰে কোনো পক্ষ ল’ব নালাগে । চৰকাৰে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এক সংঘাতময় পৰিৱেশ সৃষ্টিৰ চেষ্টা কৰাৰ বাবেই বিজেপিৰ যোগদান প্ৰক্ৰিয়াত সংখ্যা যথেষ্ট কমি গৈছে । চৰকাৰে সংঘাত দূৰ কৰাৰ পৰিৱৰ্তে সংঘাত সৃষ্টি হে কৰিছে । তেওঁ কয়, আমাৰ কংগ্ৰেছ দলৰ শাসনৰ সময়ত আমি ৰাইজক এক‌ত্ৰিত কৰিছিলো, কিন্তু বিজেপিয়ে বিভাজন হে কৰিছে । আমাক ৰাইজে গাদীচ্যুত কৰিব পাৰে কিন্তু আমি কেতিয়াও ৰাইজৰ বিৰোধী কাম কৰা নাছিলো ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments