ডিজিটেল ডেস্ক, ANEWS24X7: বৃহৎ লোকচানৰ সন্মুখীন হৈছে গৌতম আদানী৷ শ্বেয়াৰ বজাৰৰ পতনৰ ফলত বৃহৎ লোকচানৰ সন্মুখীন হৈছে গৌতম আদানী৷
একেটা দিনৰ ভিতৰতে ৫৬,০০০ কোটি টকা লোকচানৰ সন্মুখীন হৈছে৷ইয়াৰ ফলত আদানি গ্ৰুপৰ অধ্যক্ষ গৌতম আদানীৰ মুঠ সম্পত্তিৰ বজাৰ মূল্য ১১ লাখ কোটি টকালৈ হ্ৰাস পাইছে ৷
এসপ্তাসৰ ভিতৰত শ্বেয়াৰ বজাৰ ব্যাপক হাৰত পতন হৈছে ৷ ব্লুমবাৰ্গ বিলিয়নেয়াৰ ইণ্ডেক্সৰ তথ্য অনুসৰি দ্বিতীয় স্থানৰ পৰা তৃতীয় স্থানলৈ অৱনমিত হৈছে গৌতম আদানি ৷ ব্লুমবাৰ্গৰ শেহতীয়া তথ্য অনুসৰি ২৪৫ বিলিয়ন আমেৰিকান ডলাৰৰ সৈতে প্ৰথম স্থানত আছে এলন মাস্ক ,১৩৮ বিলিয়ন অমেৰিকান ডলাৰেৰে দ্বিতীয় স্থানত আছে জেফ বেজোছৰ আৰু ১৩৫ বিলিয়ন আমেৰিকান ডলাৰেৰে তৃতীয় স্থানত আছে গৌতম আদানী ৷