Saturday, November 9, 2024
Homeৰাষ্ট্ৰীয়উচ্চতম ন্যায়ালয়লৈ স্থানান্তৰ সমকামী বিবাহৰ গোচৰ

উচ্চতম ন্যায়ালয়লৈ স্থানান্তৰ সমকামী বিবাহৰ গোচৰ

ডিজিটেল ডেস্ক, ANEWS24X7: উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ থকা সমকামী বিবাহৰ সকলো গোচৰ স্থানান্তৰ কৰে উচ্চতম ন্যায়ালয়ে ৷ দিল্লী , গুজৰাট আৰু কেৰেলা উচ্চ ন্যায়ালয়ত বিচাৰধীন হৈ থকা গোচৰ সমূহ সংবিধানৰ অনুচ্ছেদ ১৩৯ (এ) অধীনত উচ্চতম ন্যায়ালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বাধীন বিচাৰপীঠে জাৰি কৰিছে নিৰ্দেশনা ৷

নিৰ্দেশনা জাৰি কৰি উচ্চতম ন্যায়ালয়ে কয় যে ,‘‘ উচ্চ ন্যায়ালয়ৰ সন্মুখত বিশেষ বিবাহ আইন , বিদেশী বিবাহ আইন আৰু হিন্দু বিবাহ আইনকে ধৰি বিভিন্ন আইনৰ অধীনত সমকামী বিবাহৰ বিভিন্ন আবেদন বিচাৰাধীন হৈ আছে ৷ এনেধৰণৰ গোচৰ সমূহ উচ্চতম ন্যায়ালয়ৰ দ্বাৰা স্থানান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।’’

উচ্চতম ন্যায়ালয়ে অহা ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰক এখন শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে ৷ লগতে সকলোবোৰ আবেদনৰ শুনানী অহা ১৩ মাৰ্চৰ পৰা আৰম্ভ হ’ব ৷ উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশনা জাৰি হোৱা পিছতেই ইউনাইটেড হিন্দু ফ্ৰণ্ট নামৰ এটা সংগঠনে উচ্চতম ন্যায়ালয়ৰ গেটৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে। সংগঠনটোৱে দাবী কৰে যে, ‘‘সমকামিতা ভাৰতীয় সংস্কৃতিৰ বিৰোধী আৰু উচ্চতম ন্যায়ালয়ে আবেদনবোৰ শুনিব নালাগে বুলি ।’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments