ডিজিটেল ডেস্ক, ANEWS24X7: সদ্য পদত্যাগি কংগ্ৰেছ নেতা গোলাম নবি আজাদক হত্যাৰ ভাবুকি সন্ত্ৰাসবাদী সংগঠনৰ । পাক সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ তৰফৰ পৰা হত্যাৰ ভাবুকি প্ৰদান কৰি এক ৰাজহুৱা জাননী জাৰি কৰিছে । ৰাজহোৱা জাননী খনত গোলাম নবি আজাদক বিশ্বাসঘাতক বুলি অভিহিত কৰিছে ৷বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ অনন্তনাগৰত এক জনসভা সম্বোধন কৰি সন্ত্ৰাসবাদী সকলক অস্ত্ৰ সম্বৰণ কৰিবলৈ আহ্বান জনাইছিল আজাদে। ইয়াৰ ২৪ ঘন্টাৰ ভিতৰতে হত্যাৰ ভাবুকি লাভ কৰে প্ৰবীণ ৰাজনীতিবিদ জনে ।
বৃহস্পতিবাৰে অনন্তনাগত এখন ৰাজহুৱা সভাত ভাষণ দি আজাদে কৈছিল যে , ‘‘সকলোকে মোৰ অনুৰোধ বন্দুকটো পেলাই দিয়ক ৷ বন্দুক কোনো সমস্যাৰ সমাধান নহয় ৷ বন্দুকৰ ফলত কেৱল ধ্বংস আৰু প্ৰাণহানি হয় ৷ বন্দুক সংস্কৃতিয়ে জম্মু-কাশ্মীৰত বহু ক্ষতি কৰিছে ৷ কাশ্মীৰ উপত্যকাত আৰু মৃতদেহ চাবলৈ নিবিচাৰো ৷’’ জনসভাখনত কংগ্ৰেছ দলক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল সদ্য কংগ্ৰেছ ত্যাগি নেতাজনে ৷