Friday, May 30, 2025
Homeঅসমইটাভাটাৰ অনাদায় কৰ সংগ্ৰহৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনৰ পদক্ষেপ

ইটাভাটাৰ অনাদায় কৰ সংগ্ৰহৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনৰ পদক্ষেপ

গোৱালপাৰা জিলাত চলি থকা ইটা ভাটাসমূহৰ স্বত্বাধিকাৰীসকলৰ লগত আজি গোৱালপাৰা জিলা প্ৰশাসনে এখন সভা অনুষ্ঠিত কৰে। জিলা আয়ুক্ত খনীন্দ্ৰ চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অতিৰিক্ত জিলা আয়ুক্ত (ৰাজহ) নবজিৎ পাঠক, কৰ অধীক্ষক হিমাদ্ৰী শইকীয়া আৰু পংকজ বৰা উপস্থিত থাকে। সভাত ইটা ভাটাসমূহৰ সামগ্ৰী আৰু সেৱা কৰ ( GST) আদায় দিয়া বিষয়ত আলোচনা কৰা হয়। জিলাখনত চলি থকা যিসমূহ ইটা ভাটাই চৰকাৰক এই কৰ আদায় দিয়া নাই সেই ইটা ভাটাসমূহক ৩১ মে ২০২৫ তাৰিখৰ ভিতৰত কৰ আদায় দিয়াৰ বাবে জিলা আয়ুক্তয়ে আজি ইটা ভাটাৰ স্বত্বাধিকাৰীসকলক নিৰ্দেশ দিয়ে । অন্যথাই জিলা প্ৰশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি সভাখনত জিলা আয়ুক্তয়ে স্পষ্ট কৰি দিয়ে। আনহাতে, জিলাখনৰ যদি কোনো ইটা ভাটাই এতিয়াও এই সামগ্ৰী আৰু সেৱা কৰৰ বাবে পঞ্জীয়ন কৰা নাই , তেনে স্বত্বাধিকাৰীসকলকো অতি শীঘ্ৰেই পঞ্জীয়ন কৰি উক্ত তাৰিখৰ ভিতৰত অনাদায় কৰ পৰিশোধ কৰাৰ বাবে সভাত স্বত্বাধিকাৰীসকলক জনাই দিয়া হয়।

উল্লেখ যোগ্য যে – ইটা ভাটা স্থাপনৰ বাবে প্ৰদূষণমুক্ত প্ৰমাণ পত্ৰ আৰু কৰ আদায় দিয়াকে আদি কৰি অন্যান্য প্ৰয়োজনীয় নথি পত্ৰ চোৱাৰ পিছতহে জিলা প্ৰশাসনৰ পৰা অনুমতি প্ৰদান কৰা হয়। যদি কোনো ইটা ভাটাৰ প্ৰয়োজনীয় নথি পত্ৰসমূহ যথোপযুক্তভাৱে নাথাকে তেন্তে তেনে ইটা ভাটাৰ বিৰুদ্ধে গোৱালপাৰা জিলা প্ৰশাসনে কঠোৰ পদক্ষেপ লব বুলি আজি সভাখনত উল্লেখ কৰা হয়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments