Wednesday, July 9, 2025
Homeঅসমগৰমৰ বাবে গোৱালপাৰা জিলাত বিদ্যালয়ৰ সময়সূচী পৰিবৰ্তন

গৰমৰ বাবে গোৱালপাৰা জিলাত বিদ্যালয়ৰ সময়সূচী পৰিবৰ্তন

বতৰৰ বৰ্দ্ধিত তাপ মাত্ৰালৈ লক্ষ্য কৰি গোৱালপাৰা জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী পৰিবৰ্তন কৰা হৈছে। এই সংক্ৰান্তত গোৱালপাৰাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে জিলাখনৰ সকলো চৰকাৰী, প্ৰাদেশীকৃত আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত কাৰ্যকৰী হোৱাকৈ এই এক নিৰ্দেশনা জাৰি কৰিছে।

নতুন সময়সূচী অনুসৰি –
১) নিম্ন প্ৰাথমিক বিদ্যালয় – পঞ্চম শ্ৰেণীলৈ = পুৱা ৭:৩০ বজাৰ পৰা ১১:৩০ বজালৈ

২) উচ্চ প্ৰাথমিক বিদ্যালয় – ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ = পুৱা ৭:৩০ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ

৩) মাধ্যমিক বিদ্যালয় – নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ = পুৱা ৭:৩০ বজাৰ পৰা দুপৰীয়া ১২:৩০ বজালৈ

তদুপৰি প্ৰতিখন বিদ্যালয়তে খোৱা পানীৰ ব্যৱস্থা কৰা, ফেনসমূহ ভাল অৱস্থাত থকা, ছাত্ৰ-ছাত্ৰীসকলক পানী খোৱাৰ বাবে ৩/৪ বাৰ বিৰতি দিয়া আদি নিশ্চিত কৰিবলৈ বিদ্যালয় কতৃপক্ষক নিৰ্দেশ দিয়ে । লগতে পূৱাৰ প্ৰাৰ্থনাসভা শ্ৰেণী কোঠাৰ ভিতৰত বা ছাঁ থকা ঠাইত কৰিবলৈ দিয়া হয় । এই সময়ত ছাত্ৰ-ছাত্ৰীৰ বহিঃদ্বাৰ কাৰ্যসূচী বাতিল কৰিবলৈ নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments