পুৱা ঘৰৰপৰা ওলাই অহা ছোৱালজনী হঠাৎ নাই। গহপুৰ বড়িগাৱঁৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে মৃত্যু গহপুৰ মধ্যচত্ৰঙৰ চুমি প্ৰধান নামৰ এগৰাকী যুৱতীৰ। টুটুমনি নাথ নামৰ এগৰাকী যুৱতী গুৰুতৰ ভাৱে আহত হয় ।
জানিব পৰা মতে দুয়ো এখন স্কুটিৰে গহপুৰ অভিমুখে আহি থকা অৱস্থাত অৰুনাচল দিশৰ পৰা তীব্ৰ বেগেৰে অহা এখন কলা ৰঙৰ স্কৰপিঅ’ বাহনে পিছফালৰ পৰা মহতিয়াই নিয়ে দুয়ো গৰাকী যুৱতীক । ঘটনাস্থীৰ পৰা লক্ষীমপুৰ দিশে স্কৰপিঅ’ বাহন খন পলায়ন কৰা বুলি জানিব পৰা গৈছে ।
ইতিমধ্যে ঘটনাস্থলীত গহপুৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । জানিব পৰা মতে নিহত চুমী প্ৰধান গহপুৰৰ এখন ফাৰ্মাচীত কৰ্মৰত আছিল আৰু অহা ১১ মে তাৰিখে বিবাহ পাশত আৱদ্ধ হোৱাৰ কথা আছিল।ঘটনাটোৱে এতিয়া সমগ্ৰ গহপুৰতে এক শোকৰ ছাঁ পেলাইছে ।