Friday, November 8, 2024
Homeঅসমস্বাধীনতাৰ ৭৫ বছৰৰ পিছতো এখন দলঙৰ অভাৱত নদীৰ বুকু ফালি যাতায়াত

স্বাধীনতাৰ ৭৫ বছৰৰ পিছতো এখন দলঙৰ অভাৱত নদীৰ বুকু ফালি যাতায়াত

ডিজিটেল ডেস্ক ANEWS24X7: ৰাজ্য চৰকাৰে সৰ্বত্ৰে উন্নয়নৰ ঢাক ঢোল বজোৱাৰ সময়তে পোহৰলৈ আহিছে উন্নয়নৰ নগ্নস্বৰূপ ৷ স্বাধীনতাৰ ৭৫ বছৰৰ পিছতো উন্নয়নে ঢুকি নোপোৱা এটা অঞ্চল ৷ আজিও নদীৰ বুকু ফালি যাতায়ত কৰিব লগীয়া হৈছে গহপুৰৰ এটা অঞ্চলৰ ৰাইজ ৷ এখন পকী দলঙৰ অভাবত বছৰ বছৰ ধৰি নদীৰ বুকু ফালি যাতায়াত গহপুৰৰ একাংশ ৰাইজৰ ।

গহপুৰৰ আলুপাৰা গাঁও পঞ্চায়তৰ ককিলা নদীৰ বুকুৱেদি এইদৰে যাতায়াত কৰি আহিছে ককিলঝাৰ ,ককিলা নাহৰনিবাসী ৰাইজে । অসম-অৰুণাচল সীমান্তবৰ্তী অঞ্চলবাসী ৰাইজে বছৰ বছৰ ধৰি এনে দুৰ্ভোগ ভোগী আহিছে ৷ স্বাধীনতাৰ ৭৫ বছৰৰ পিছতো চৰকাৰ তথা কোনো এজন জনপ্ৰতিনিধিৰ দৃষ্টি নপৰিল ৷ বাৰিষাৰ পূৰ্বে এখন বাঁহৰ দলঙেৰে যাতায়াত কৰিছিল ৷ কিন্তু বাৰিষাৰ বাঢ়নী পানীয়ে উটুৱাই নিছিল অঞ্চলটোৰ যাতায়তৰ একমাত্ৰ সমল বাঁহৰ দলঙখন ৷

সম্প্ৰতি বিপদজনক ভাবে কণ কণ শিশুকে ধৰি বয়োজ্যেষ্ঠ লোক সকলোৱে যাতায়াত কৰি থাকিবলগীয়া হৈছে নদীৰ বুকুৱেদি ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments