ডিজিটেল ডেস্ক ANEWS24X7: ভাৰতত নিম্নগামী হৈছে সোণৰ মূল্য ৷ যোৱা তিনি মাহৰ ভিতৰত প্ৰথম বাৰলৈ হ্ৰাস পাইছে সোণৰ মূল্য ৷ ভাৰতীয় বজাৰত প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ৫০,০৫০ টকালৈ হ্ৰাস পাইছে ৷
ইয়াৰ পূৰ্বে প্ৰতি ১০ গ্ৰামত ৫০,১৮৪ টকা আছিল ৷ শুক্ৰবাৰৰ দিনটোত দেশৰ ৰাজধানী দিল্লীত সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১৯৫ টকা হ্ৰাস হৈ ৫০,৭২৩ টকা হৈছে ৷
সোণৰ বিপৰীতে ৰূপৰ মূল্য প্ৰতি কিলোগ্ৰামত ৫২,৮০৭ টকা লৈ বৃদ্ধি পাইছে।
উল্লেখ্য যে আন্তৰাষ্ট্ৰীয় বজাৰত সোণৰ মূল্য হ্ৰাস পোৱাৰ ফলত দেশীয় বজাৰটো ইয়াৰ প্ৰভাৱ পৰা দেখা গৈছে ৷