ডিজিটেল ডেস্ক, ২৯অক্টোবৰ: ধনতেৰাছ কি আৰু কিয় পালন কৰা হয় ?
‘ধন’ শব্দৰ অৰ্থ হৈছে সম্পত্তি । ট্ৰয়োদশ শব্দৰ অৰ্থ হিন্দু পঞ্জিকাৰ ত্ৰয়োদশ দিন ।দীপাৱলীৰ সময়ত লক্ষ্মী পূজাৰ দুদিন আগতে ধনতেৰাছ হয় । কোৱা হয় যে ধনতেৰাছৰ দানা দেৱী লক্ষ্মীয়ে নিজৰ ভক্তসকলৰ ঘৰলৈ গৈ তেওঁলোকৰ ইচ্ছা পূৰণ কৰে । ধন, শস্য, স্বাস্থ্য আৰু সমৃদ্ধিৰ বাবে ধনতেৰাছ উৎসৱৰ বিশেষ তাৎপৰ্য আছে । অনতেৰাছ উৎসৱত গনেশ আৰু লক্ষ্মী দেৱীক একেলগে উপবাস – উপাসনাৰে পূজা অৰ্চনা কৰা হয়, আৰু ধন-সোন আনি ঘৰত স্থাপন কৰা হয় । এই উৎসৱ মূলত উত্তৰ ভাৰতীয় । এই উৎসৱত সোন বা তেনে কোনো মূল্যবান ধাতু ক্ৰয় কৰা হয় । যাতে গোটেই বছৰজুৰি ঘৰত বা ব্যৱসায়ত লক্ষ্মী থাকে ।
ধৰ্মীয় আৰু পৌৰাণিক বিশ্বাস অনুসৰি আজিৰ দিনটোত এই ৫ টা কাম কৰিলে ধনৰ অভাৱ কেতিয়াও নহয়
১)ধনন্তৰীৰ পূজা
ধনতেৰাছৰ দিনা ধনবন্তৰীৰ পূজা কৰাটো বিশেষভাৱে উপকাৰী বুলি বিবেচিত হয় । ধনন্তৰী সাগৰৰ মন্থনৰ সময়ত অমৃতৰ পাত্ৰটোৰ সৈতে আবিৰ্ভাৱ হৈছিল , সেয়েহে তেওঁক স্বাস্থ্য আৰু দীৰ্ঘায়ুৰ দেৱতা বুলি গণ্য কৰা হয়। আজিৰ দিনটোত ভগৱান ধনবন্তৰীৰ মূৰ্তিৰ সন্মুখত দীপ জ্বলাই পুষ্পা অৰ্পণ কৰি ” অম ধনবন্তৰিয়ে নম” মন্ত্ৰ জপ কৰিব লাগে । এই মন্ত্ৰৰ দ্বাৰা এজন ব্যক্তিয়ে স্বাস্থ্য আৰু ৰোগমুক্ত জীৱনৰ আশীৰ্বাদ লাভ কৰে।
২) দেৱী লক্ষ্মীৰ পূজা
ধনতেৰাছৰ সন্ধিয়া ঘৰৰ মূল দুৱাৰত দ্বীপ জ্বলোৱাটো অতি শুভ বুলি গণ্য কৰা হয় । বিশ্বাস কৰা হয় যে চাকি জ্বলালে দেৱী লক্ষ্মী প্ৰৱেশ কৰে আৰু ঘৰত ধনাত্মক শক্তি বাস কৰে ।লগতে এই দিনটোত ঘৰৰ চুক-কোণত চাকি জ্বলাই দিব লাগে , যাতে কোনো ঠাই আন্ধাৰ নাথাকে । সুখ,সমৃদ্ধি আৰু শান্তি লাভৰ বাবে এই প্ৰতিকাৰ গুৰুত্বপূৰ্ণ ।
৩)কুবেৰ পূজা
ধনতেৰাছৰ দিনা কুবেৰ পূজা কৰাটোও অতি উপকাৰি বুলি গণ্য কৰা হয় ।কুবেৰ ধনৰ দেৱতা আৰু তেওঁৰ পূজাৰ দ্বাৰা আৰ্থিক অৱস্থা শক্তিশালী হয় ।
৪)নতুন বাচন-বৰ্তন আৰু ধাতু ক্ৰয়
ধনতেৰাছৰ দিনা সোন , ৰূপ, বাচন বা অন্যান্য ধাতুৰ সামগ্ৰী ক্ৰয় কৰাটো শুভ বুলি গণ্য কৰা হয় । এই দিনটোত ক্ৰয় কৰা ধাতু লক্ষ্মী দেৱীৰ আগমনৰ প্ৰতিক আৰু তাত সমৃদ্ধি বাস কৰে বুলি বিশ্বাস কৰা হয় ।
৫)ধনেৰাছত ঝাড়ু ক্ৰয়
পৌৰাণিক বিশ্বাস অনুসৰি ধনতেৰাছত ঝাড়ু কিনাটোও শুভ বুলি গণ্য কৰা হয় । ইয়াত ঘৰত নৱীকৃত মংগল অনাৰ প্ৰতীক হিচাপে গণ্য কৰা হয় । ঝাড়ুক লক্ষ্মীৰ প্ৰতীক বুলি গণ্য কৰা হয় আৰু ইয়াক ঘৰত ৰাখিলে দৰিদ্ৰতা আৰু নেতিবাচক শক্তি দূৰ হয় । মনত ৰাখিলে যে ক্ৰয় কৰা ঝাড়ু ধনতেৰাছৰ পিছদিনা ব্যৱহাৰ কৰিব লাগে ।
সন্ধিয়া ৬:৫৭ বজাৰ পৰা নিশা ৮:২১ ধনতেৰাছৰ শুভ সময় ।