Monday, July 7, 2025
Homeঅসমপূৰ্ব্বজ্যোতি কৃষি পাম নিগমৰ সোণালী জয়ন্তী সমাৰোহ

পূৰ্ব্বজ্যোতি কৃষি পাম নিগমৰ সোণালী জয়ন্তী সমাৰোহ

ডিজিটেল ডেস্ক ANEWS24X7: গহপুৰ সমষ্টিৰ অন্তৰ্গত সম্পূৰ্ণ চৰকাৰী পৃষ্ঠপোষকতাত গঢ়ি উঠা অসমৰ একমাত্ৰ কৃষিপাম পূৰ্ব্বজ্যোতি কৃষি পাম নিগমে ৫০ বছৰ অতিক্ৰম কৰিলে। এই কৃষিপামখন ১৯৭৩ চনৰ ১৭ জানুৱাৰীত অসম কৃষিপাম নিগম আইনৰ অধীনত প্ৰতিষ্ঠা হৈছিল।

৪,৫,৬ এপ্ৰিলৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে কৃষি পামখনৰ সোনালী জয়ন্তী উদযাপন কৰে। গৌৰৱোজ্জল সোণালী জয়ন্তী উৎসৱত অসমৰ  মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা  উপস্থিত থাকি কৃষিপামখনৰ কৰ্মী সকলক উৎসাহিত কৰে।

মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে অতীতৰ ভূমি আন্দোলনত নিগমৰ ইতিহাস জৰিত হৈ আছে।সেই সময়ৰ ১১খন কৃষি পামৰ ভিতৰত কেৱল পূৰ্ব্বজ্যোতি কৃষিপামক ৰাজ্যিক ভাৱে স্বৃকিতি দিছিল। ‘অসমৰ ভূমি আন্দোলনৰ সৈতে এই কৃষিপাম নিগমৰ সম্পৰ্ক। মিছন বসুন্ধৰাৰ জৰিয়তে ৭ লাখ ৫০ হাজাৰ লোক উপকৃত হৈছে। পূৰ্বজ্যোতি কৃষিপাম নিগমৰ সকলোৱে পাব ভূমিপট্টা। লগতে অসমৰ যুৱক-যুৱতীৰ বাবে কেইবাটাও আঁচনিৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে।

https://fb.watch/jJ0S9h85bq/

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments