Tuesday, July 8, 2025
Homeঅসমৰাজ্যৰ হৃদৰোগী সকলৰ বাবে সুখবৰ

ৰাজ্যৰ হৃদৰোগী সকলৰ বাবে সুখবৰ

ডিজিটেল ডেস্ক, ANEWS24X7: অসম চৰকাৰৰ স্বাস্থ্য বিভাগ আৰু গুজৰাটৰ PMSRFৰ মাজত স্বাক্ষৰিত হ’ল এক বুজাবুজিৰ চুক্তি । অসম চৰাকাৰৰ বুজাবুজি চুক্তিয়ে কঢ়িয়াই আনিছে ৰাজ্যৰ হৃদৰোগী সকললৈ সুখবৰ । এই চুক্তিৰ জৰিয়তে ৰাজ্যৰ ১০০০ গৰাকী দৰিদ্ৰ লোকে গুজৰাটত হৃদৰোগৰ বিনামূলীয়া চিকিৎসা লাভ কৰিব ।

ৰাজ্যৰ হৃদৰোগী সকলৰ সহজলভ্য আৰু উৎকৃষ্টমানৰ স্বাস্থ্যসেৱা প্ৰদানৰ বাবে ৰাজ্য চৰকাৰৰ বিশেষ ব্যৱস্থা ।শনিবাৰে খানাপাৰা ষ্টাফ কলেজত অসম চৰকাৰৰ স্বাস্থ্য বিভাগ আৰু প্ৰশান্তি চিকিৎসা সেৱা আৰু গৱেষণা ফাউণ্ডেচন, ৰাজকোটৰ মাজত হয় এক বুজাবুজি চুক্তি ।এই চুক্তিৰ জৰিয়তে প্ৰশান্তি চিকিৎসা সেৱা আৰু গৱেষণা ফাউণ্ডেচন, ৰাজকোটে দৰিদ্ৰ পৰিয়ালৰ ৰোগীসকলক প্ৰদান কৰিব হৃদৰোগৰ বিনামূলীয়া চিকিৎসা।

শনিবাৰে অনুষ্ঠিত হোৱা এই বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা , স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত , প্ৰশান্তি চিকিৎসা সেৱা আৰু গৱেষণা ফাউণ্ডেচনৰ ন্যাসৰক্ষী মনোজ ভিমানী । পৰৱৰ্তী সময়ত এই বুজাবুজি চুক্তিৰ পৰিসৰ আৰু বৃদ্ধি কৰা হ’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments