ডিজিটেল ডেস্ক, A NEWS 24×7 : জিঅ’ই শেহতীয়াভাৱে JioPhone ব্যৱহাৰকাৰীসকলৰ বাবে ১০০ টকাৰ তলত দুটা বিশেষ প্লেন মুকলি কৰিছে।
মাত্ৰ ৭৫ টকাৰ প্লেনত ব্যৱহাৰকাৰীসকলে ২৩ দিনৰ বাবে মুঠ ২.৫ জিবি ডাটাৰ সুবিধা পাব। ইয়াৰ উপৰিও ৭৫ টকাৰ প্লেনত গ্ৰাহকে আনলিমিটেড কলৰ লগতে মুঠ ৫০টা এছএমএছৰ সুবিধা লাভ কৰিব। তাৰোপৰি এই প্লেনৰ সৈতে Jioৰ সকলো এপৰ বিনামূলীয়া এক্সেছ প্ৰদান কৰিছে।
এই কম দামৰ অফাৰৰ তালিকাত ৯১ টকাৰ এটা বিশেষ প্লেন অন্তৰ্ভুক্ত। এই ৯১ টকাৰ প্লেন গ্ৰাহকে ২৮ দিনৰ বাবে মুঠ ৩ জিবি ডাটা লাভ কৰিব।
তাৰোপৰি দুয়োটা প্লেনত Jio গ্ৰাহকসকলে বিনামূলীয়াকৈ জিঅ’ৰ মিউজিক এপ, চিনেমা আৰু আন বহু এপবোৰৰ এক্সেছ পাব।