ডিজিটেল ডেস্ক, ANEWS24X7: নিবনুৱা সকলৰ বাবে এটা ভাল খবৰ ৷ কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী চমুকৈ CISFত মুকলি কৰা হৈছে নতুন পদ ৷ CISFত নতুনকৈ মুকলি হোৱা ৫৪০ টা পদৰ বাবে ইচ্ছুক প্ৰাৰ্থী সকলৰ পৰা অনলাইন যোগে আবেদন বিচৰা হৈছে ৷ ইচ্ছুক প্ৰাৰ্থী সকলে ২৫ অক্টোবৰৰ সন্ধিয়া ৫ বজালৈকে অফিচিয়েল ৱেবছাইটযোগে নিজৰ আবেদন পত্ৰ দাখিল কৰিব পাৰিব ৷
নতুনকৈ মুকলি হোৱা ৫৪০ টা পদৰ ভিতৰত আছে ৪১৮ টা হেড কনিষ্টবল আৰু ১২২ টা পদ উপ-পৰিদৰ্শক পদৰ বাবে ৷৪১৮ টা হেড কনিষ্টবল পদৰে ৩১৯ টা পদ পুৰুষ প্ৰাৰ্থীৰ বাবে আৰু ৩৬ পদ মহিলা প্ৰাৰ্থীৰ বাবে আৰু ৬৩ টা পদ এলডিচিইৰ বাবে নিৰ্ধাৰণ কৰা হৈছে৷ আনহাতে ১২২টা উপ-পৰিদৰ্শক পদৰ ৯৪ টা ষ্টেনোগ্ৰাফাৰ পুৰুষ , ১০ টা ষ্টেনোগ্ৰাফাৰ মহিলা পদ আৰু ১৮ টা এলডিচিইৰ বাবে নিৰ্ধাৰণ কৰা হৈছে ৷
উক্ত পদ সমূহৰ বাবে প্ৰাৰ্থী সকলৰ নূন্যতম শিক্ষাগত অৰ্হতা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব ৷ আবেদনকাৰীৰ বয়স ১৮ৰ পৰা ২৫ বছৰৰ ভিতৰত হ’ব লাগিব ৷ আৱশ্যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থী সকলৰ ক্ষেত্ৰত বয়সৰ উৰ্দ্ধ সীমা ৰেহাই দিয়া হ’ব ৷ প্ৰাৰ্থী সকলে ১০০ টকাৰ আবেদন মাচুল পৰিশোধ কৰিব লাগিব ৷ প্ৰাৰ্থীসকলে CISFৰ অফিচিয়েল ৱেবছাইট cisfrectt.inত গৈ নিজৰ আবেদন পত্ৰ দাখিল কৰিব পাৰিব ৷