Monday, July 7, 2025
Homeনিয়োগভাল খবৰঃ ষ্টেট বেংকত খালি হৈছে বহু পদ

ভাল খবৰঃ ষ্টেট বেংকত খালি হৈছে বহু পদ

ডিজিটেল ডেস্ক, ANEWS24X7: বেংকৰ চাকৰিৰ বাবে প্ৰস্তুতি চলাই থকা সকলৰ বাবে এটা ভাল খবৰ ৷ ষ্টেট বেংক অৱ ইণ্ডিয়াই মুকলি কৰিছে কেইবাটাও পদ ৷ ষ্টেট বেংক অৱ ইণ্ডিয়াই ইচ্ছুক প্ৰাৰ্থী সকলৰ পৰা আবেদন পত্ৰ বিচাৰিছে ৷ এই সন্দৰ্ভত এক বিজ্ঞাপন জাৰি কৰিছে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ কৰ্তৃপক্ষই ৷

ষ্টেট বেংক অৱ ইণ্ডিয়াত খালি হৈ থকা ৪৭ টা ৰিজলভাৰ পদৰ বাবে ইচ্ছুক প্ৰাৰ্থী সকলৰ পৰা আবেদন বিচৰা হৈছে ৷ এই পদসমূহৰ বাবে প্ৰাৰ্থী সকলৰ পৰা ১০ অক্টোবৰৰ পৰা ৩১ অক্টোবৰৰ ভিতৰত আবেদন পত্ৰ বিচৰা হৈছে ৷ লিখিত আৰু মৌখিক পৰীক্ষাৰ দ্বাৰা প্ৰাৰ্থী সকলক নিৰ্বাচন কৰা হ’ব ৷ এই পদসমূহৰ বাবে দৰমহা ৪০ৰ পৰা ৪৫ হাজাৰ টকা নিৰ্ধাৰণ কৰা হৈছে । প্ৰাৰ্থী সকলৰ বয়সৰ উৰ্ধতম সীমা ৬৩ বছৰ নিৰ্ধাৰণ কৰা হৈছে ৷

ইচ্ছুক প্ৰাৰ্থী সকলে অধিক তথ্যৰ বাবে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ অফিচিয়েল ৱেবছাইট sbi.co.in ত ল’গ ইন কৰিব পাৰিব ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments