ডিজিটেল ডেস্ক, ANEWS24X7:বেছি সংখ্যক লোকে ভাৰতৰ সাধাৰণতে যাতায়তৰ বাবে ৰে’লৰ ওপৰত নিৰ্ভৰ কৰে। অন্যৰ তুলনাত ৰে’লযোগে যাত্ৰা কৰিলে ভাড়া কম হোৱাৰ লগতে ভ্ৰমণৰ আৰামও অধিক। এইসমূহ কাৰণৰ বাবেই বেছিভাগ যাত্ৰীয়ে যোগাযোগৰ মুখ্য বাহন হিচাপে ৰে’ল বাছি লয়।
সকলো ভাৰতীয় নাগৰিকৰ ৰাজহুৱা পৰিবহণৰ মেৰুদণ্ড হৈছে ভাৰতীয় ৰে’লৱে। কিন্তু এতিয়ালৈকে দেশৰ বহু ঠাইত ৰে’ল সেৱা সঠিকভাৱে প্ৰদান কৰাটো সম্ভৱ হৈ উঠা নাই। বিভিন্ন প্ৰতিকূল পৰিস্থিতিৰ বাবে ৰে’ল সেৱা আহিব নোৱাৰা আটাইকেইটা স্থানলৈ দ্ৰুত সেৱা আগবঢ়াবলৈ ৰে’লৱেই কাম কৰি আছে।
তেনে এক স্থান হ’ল ভূস্বৰ্গ কাশ্মীৰ। এতিয়াৰে পৰা কাশ্মীৰ লৈ পোনপটীয়া ৰে’ল সেৱা আৰম্ভ হ’লে বহু কম টকাতে ভাৰতবৰ্ষৰ প্ৰতিটো অঞ্চলৰ লোকে কম মূল্যতে কাশ্মীৰ ভ্ৰমণৰ সুবিধা লাভ কৰিব পাৰিব।