Thursday, November 7, 2024
Homeঅৰ্থনীতিব্ৰিটেইনত বৃহৎ পৰিৱৰ্তন, বিমুদ্ৰাকৰণৰ সন্মুখীন হ’ব নেকি ব্ৰিটেইন ?

ব্ৰিটেইনত বৃহৎ পৰিৱৰ্তন, বিমুদ্ৰাকৰণৰ সন্মুখীন হ’ব নেকি ব্ৰিটেইন ?

ডিজিটেল ডেস্ক ANEWS24x7: ব্ৰিটেইনৰ মহাৰাণী এলিজাবেথ দ্বিতীয়ৰ মৃত্যু পিছত ৰাজশাসনৰ দ্বায়িত্ব লাভ কৰে তেওঁৰ পুত্ৰ চাৰ্লছ তৃতীয়ই ৷ ব্ৰিটেইনৰ ৰজা হোৱাৰ পিছতে চাৰ্লছে যুক্তৰাজ্য আৰু অন্যান্য কমনৱেলথ ৰাজ্যৰ সমূহৰ নতুন শাসক সিচাপে কিছুমান অস্বাভাৱিক অধিকাৰ লাভ কৰিছে ৷ ইয়াৰ ব্যাপক প্ৰভাব দেখিবলৈ পোৱা যাব ব্ৰিটেইনত ৷ নতুন ৰজা ঘোষণা হোৱাৰ পিছতে সলনি কৰা হ’ব ব্ৰিটেইনৰ ৰাষ্ট্ৰগান ৷ ব্ৰিটেইনৰ পূৰ্বৰ ৰাষ্ট্ৰীয় সংগীত ‘God Save the Queen’ ৰ পৰিবৰ্তে এতিয়াৰে পৰা গোৱা হ’ব ‘Good Save the King’ ৷

ইয়াৰ উপৰিও ব্ৰিটেইনৰ মুদ্ৰা আৰু নোটত ব্ৰিটেইনৰ মহাৰাণী এলিজাবেথ দ্বিতীয়ৰ প্ৰতিছবিৰ পৰিবৰ্তে এতিয়াৰে পৰা থাকিব চাৰ্লছ তৃতীয়ৰ প্ৰতিছবি ৷ ১৯৫৩ চনৰ পৰা ব্ৰিটেইনৰ মুদ্ৰাত ৰাণী এলিজাবেথৰ প্ৰতিছবি মুদ্ৰিত হৈ আহিছিল ৷ এলিজাবেথ দ্বিটিয়ৰ প্ৰতিছবি নোটৰ পৰা আতৰাই দিবৰ বাবে ব্ৰিটেইনত কৰা হ’ব নেকি বিমুদ্ৰাকৰণৰ ? ইয়াকে লৈ চিন্তিত হৈ পৰিছে ব্ৰিটেইনৰ জনতা ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ব্ৰিটেইনৰ নোট ছপা কৰাৰ দ্বায়িত্বত থকা বেংক অফ ইংলেণ্ডে ৷

বেংক অফ ইংলেণ্ডে এই সন্দৰ্ভত কয় যে , ‘‘বৰ্তমান ৰাণী এলিজাবেথৰ প্ৰতিছবি সম্বলিত প্ৰায় ৪৭ লাখ নোট আছে ইয়াৰ মূল্য ৮২০০ কোটি পাউণ্ড ৷ ইয়াৰ ওপৰিও ব্ৰিটেইনত ২,৯০০ কোটি মুদ্ৰা ব্ৰিটেইনত প্ৰচলিত হৈ আছে ৷ এই বিপুল পৰিমাণৰ মুদ্ৰা আৰু নোট সমূহ বজাৰৰ পৰা ৰাতিৰ ভিতৰতে উঠাই দিয়াটো সম্ভৱ নহয় ৷ ইয়াৰ বিপৰিতে লাহে লাহে বজাৰত নতু নোট সমূহ প্ৰচলন কৰা হ’ব আৰু পুৰনা নোট সমূহ উঠাই লোৱা হ’ব ৷’’ ইয়াৰ প্ৰভাৱ কমনৱেল্থ দেশ সমূহটো পৰিব ৷ কানাডাকে আদি কৰি কেইবাখনো কমনৱোল্থ দেশৰ মূদ্ৰাৰ পৰা ৰাণীৰ প্ৰতিছবি উঠাই চাৰ্লছ তৃতীয়ৰ প্ৰতিছবি সংযোগ কৰিব লাগিব৷

বেংক অফ ইংলেণ্ডে লগতে কয় যে , ‘‘ৰাণী দ্বিতীয় এলিজাবেথৰ ছবি ছপা হৈ থকা নোট সমূহৰ বৈধতা থাকিব ৷ বৰ্তমানলৈ এই নোট বাতিলৰ কোনো ধৰণৰ সম্ভাৱনা নাই ৷ ৰাষ্ট্ৰীয় শোকপালন শেষ হোৱাৰ পিছতহে নতুন নোট প্ৰস্তুত কৰাৰ পৰিকল্পনা গ্ৰহণ কৰা হ’ব ৷ ’’ উল্লেখ্য যে , ইয়াৰ উপৰিও ব্ৰিটেইনৰ ডাক টিকট আৰু পাচপৰ্টতো ব্যাপক সাল-সলনি কৰা হ’ব ৷ এতিয়াৰে পৰা ব্ৰিটেইনৰ ডাক টিকট আৰু পাচপৰ্টত ব্ৰিটেইনৰ বৰ্তমানৰ ৰজা চাৰ্লছ তৃতীয়ৰ প্ৰতিছবি সংযোগ কৰা হ’ব ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments