ডিজিটেল ডেস্ক ANEWS24X7: গুগলৰ ৰঙীন ল’গটো আজি সলনি হ’ল ধোঁৱা বৰণলৈ । আজি পুৱাৰে পৰা গুগলৰ ল’গকৰ ৰং সলনি কৰা হৈছে । ইয়াকে লৈ গুগল ব্যৱহাৰকাৰী সকলৰ মাজত কৌতুহলৰ সৃষ্টি হৈছে । দৰাচলতে গুগলে ব্ৰিটেইনৰ মহাৰাণী এলিজাবেথ দ্বিতীয়ৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি গুগলে নিজৰ ল’গ’টো ধোঁৱা বৰণীয়া কৰিছে ।
এই সন্দৰ্ভত গুগল চাৰ্চ ইঞ্জিনৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাইয়ে কয় যে ”এই ইংগিতটো বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা যাচিবলগীয়া অগণন শ্ৰদ্ধাঞ্জলিৰ ভিতৰত এটা মাত্ৰ, কিয়নো বাতৰি কাকতসমূহে ৰাণীক ‘একত্ৰীকৰণকাৰী শক্তি’ হিচাপে বৰ্ণনা কৰিছিল যিয়ে দশক দশক ধৰি চলি অহা দ্ৰুত পৰিৱৰ্তনৰ সময়ত স্থিতিশীলতাৰ প্ৰতীক আছিল।”
উল্লেখ্য যে বিশ্বৰ বিশেষ বিশেষ গুৰুত্বপূৰ্ণ ব্যক্তি সকলৰ স্মৃতিত বা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বিভিন্ন সময়ত গুগলে এনেদৰে সন্মান পদৰ্শন কৰি আহিছে । ২০১৮ চনত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জৰ্জ এইচ.ডব্লিউ. বুছৰ অন্ত্যেষ্টিক্ৰিয়াতো গুগলে ল’গ’টো ধোঁৱা বৰণীয়া কৰিছিল ।