ডিজিটেল ডেস্ক, ANEWS24X7: মধ্য প্ৰদেশৰ ভূপালত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। গুগলত মেনেজাৰ হিচাপে কৰ্মৰত এজন ব্যক্তিক বন্দী কৰি মধ্য প্ৰদেশৰ ভূপালত এজনী ছোৱালীৰ সৈতে বলপূৰ্বক বিবাহ পাশত আৱদ্ধ কৰাৰ অভিযোগ উত্থাপিত হৈছে।
ভূপালৰ কমলা নগৰ আৰক্ষী থানাৰ এজন বিষয়াই জনোৱা অনুসৰি ভূক্তভোগী লোকজনক গণেশ শংকৰ বুলি চিনাক্ত কৰা হৈছিল। বেংগালুৰুৰ গুগলত জ্যেষ্ঠ মেনেজাৰ হিচাপে কৰ্মৰত গণেশ শংকৰ।
গণেশ শংকৰে আৰক্ষীক জনোৱা অনুসৰি, আইআইএম শ্বিলঙত এমবিএ পঢ়ি থকাৰ সময়ত ভূপালৰ বাসিন্দা সুজাতা বুলি চিনাক্ত কৰা ছোৱালীজনীৰ সৈতে চিনাকী হৈছিল। সুজাতাই ভূপাললৈ মতাত তেওঁ গৈছিল আৰু তাৰ পিছত সুজাতাক বিয়া কৰাবলৈ বলপূৰ্বক নিচাযুক্ত দ্ৰব্য দিছিল।
সেই সময়ত সুজাতা আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলে কিছুমান ফটো তুলিছিল আৰু তাৰ আধাৰত তেওঁলোকে গণেশৰ পৰা ৪০ লাখ টকা দাবী কৰিছিল। টকা দিবলৈ বিফল হ’লে গণেশক তেওঁলোকে যৌতুকৰ জালত পেলোৱাৰ ভাবুকি প্ৰদান কৰিছিল।
কমলা নগৰ আৰক্ষীয়ে বিষয়টো তদন্ত কৰি চাৰিজন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।অভিযুক্তসকলৰ ভিতৰত আছে সুজাতা, তেওঁৰ দেউতাক কমলেশ সিং, তেওঁৰ ভায়েক শৈবেশ সিং আৰু বিজেন্দ্ৰ কুমাৰ।সম্প্ৰতি অভিযুক্তজনক গ্ৰেপ্তাৰ কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত আছে।