গুৱাহাটী ,২৭ফেব্ৰুৱাৰী: গুৱাহাটী মহানগৰীৰ বশিষ্ঠ স্থিত চৰকাৰী চাৰু-কাৰু কলা মহাবিদ্যালয় ।১৯৪৭ চনৰ ১৫ আগষ্টত স্থাপিত হোৱা এই মহাবিদ্যালয়খন বৰ্তমান সময়ত বিভিন্ন চৰকাৰী সা -সুবিধাৰ পৰা বঞ্চিত হৈছে।১৯৪৭ চনতে স্থাপন হোৱা অসমৰ প্ৰথমখন চৰকাৰী শিল্পৰ মহাবিদ্যালয় ‘ চৰকাৰী চাৰু কাৰু কলা মহাবিদ্যালয় (বশিষ্ঠ) গুৱাহাটীৰ বৰ্ত্তমান অৱস্থা অতি শোচনীয়। মহাবিদ্যালয়ত বৰ্তমানো প্ৰতিটো বিভাগৰ শিক্ষকৰ অভাৱ ৪ টা বিভাগত কমেও ১৫/২০ জন শিক্ষকৰ বিপৰীতে বৰ্তমান ৫/৬ জন শিক্ষকেৰে মহাবিদ্যালয় চলি আছে।
তাৰো এটা বিভাগত বৰ্তমানো এজনো শিক্ষক নায়। বিভাগ কেইটাৰ বাহিৰেও অসমীয়া/ ইংৰাজীকে ধৰি অন্য বিষয়বোৰ চলিবলৈও কেইজন মান visiting teacher আহিছিল তেওঁলোককো ২ বছৰ ধৰি দৰমহা নিদিয়াৰ বাবে ১ মাৰ্চৰ পৰা তেওঁলোকে কলেজ ত্যাগ কৰিব। ছাত্ৰ ছাত্ৰীৰ বাবে উপযুক্ত শ্ৰেণীকোঠা চকী – মেজ, পানী যোগান, পুথভঁৰাল, হোটেল, সীমা বেৰ আদিকে ধৰি চিত্ৰৰ মহাবিদ্যালয় খনতো বিজুলী বাতিৰ সু – বিব্যস্থৰ অভাৱ। ইয়াৰ লগতে ছাত্ৰ ছাত্ৰীৰ শ্ৰেণীকোঠা, স্বাস্থ্যৰ কোনো ব্যৱস্থা, বিভাগবোৰৰ বাবে ষ্টুডিঅ’ৰো সা – সুবিধা নায়। মহাবিদ্যালয় খনৰ কোনো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী য়ে scholarship ৰ সুবিধা পোৱা নায়।
সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দ্বাৰা পৰিচালিত মহাবিদ্যালয়খন আজিলৈকে অৱহেলিত, বহুতো আবেদন উক্ত বিভাগতোলৈ ছাত্ৰ একতাসভাকে ধৰি শিক্ষক শিক্ষেয়ত্ৰীয়ে দিয়াৰ পাছতো কোনো সা -খবৰ নাই এই বিষয়টোৰ।আজি এই সন্দৰ্ভত অসম চৰকাৰৰ মুখ্য সচিবলৈ, মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই স্মাৰক পত্ৰ প্ৰেৰণ কৰে।