Friday, November 8, 2024
Homeৰাজনৈতিকপ্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনটোত গুজৰাটত চৰকাৰী কৰ্মচাৰীৰ গণ প্ৰতিবাদ

প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনটোত গুজৰাটত চৰকাৰী কৰ্মচাৰীৰ গণ প্ৰতিবাদ

ডিজিটেল ডেস্ক, ANEWS24x7: প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনটোত তেওঁৰ গৃহ ৰাজ্য গুজৰাটত চৰকাৰী কৰ্মচাৰীৰ প্ৰতিবাদ ৷ হাজাৰ হাজাৰ চৰকাৰী কৰ্মচাৰীয়ে পুৰণি পেঞ্চন আঁচনিৰ দাবীত কৰ্ম বিৰতিৰ ঘোষণা কৰে ৷ চৰকাৰী কৰ্মচাৰীৰ জিলা পৰ্যায়ৰ সংগঠন সমূহে শনিবাৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

শনিবাৰে গুজৰাটৰ বাৱনগৰ জিলাত ৭০০০ শিক্ষকে কৰ্ম বিৰতিত কাৰ্যসূচীত যোগদান কৰে ৷ ইয়াৰ ওপৰিও গান্ধীনগৰৰ পুৰণি সচিবালয় চৌহদত কেইবা শ চৰকাৰী কৰ্মচাৰীয়ে এক প্ৰতিবাদী সমদল উলিয়াই । আনহাতে কচ্ছত প্ৰায় ৮০০০ চৰকাৰী কৰ্মচাৰীয়ে কৰ্মবিৰতি পালন কৰি প্ৰতিবাদ সাৱস্ত কৰে ৷

এই সন্দৰ্ভত ৰাষ্ট্ৰীয় সংযুক্তা মৰ্চাৰ আহ্বায়ক মহেশ মৰিয়ে কয় যে , ‘‘আমাৰ মুখ্য দাবী আছিল পুৰণি পেঞ্চন আঁচনি ৰূপায়ণ কৰা। কিন্তু এই দাবী পূৰণ কৰা হোৱা নাই । চৰকাৰৰ সিদ্ধান্তৰ দ্বাৰা বহুতো কৰ্মচাৰী প্ৰভাৱিত হ’ব। সেইকাৰণে আজি ৰাজহুৱা বন্ধৰ সিদ্ধান্ত লৈছো।’’

উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিনৰ এক দিন পূৰ্বে শুক্ৰবাৰে গুজৰাট চৰকাৰে ঘোষণা কৰে যে ২০০৫ চনৰ পূৰ্বে কামত যোগদান কৰা চৰকাৰী কৰ্মচাৰী সকলেহে পেঞ্চন আৰু ভৱিষ্যত নিধিৰ লাভালাভ লাভ কৰিব। ইয়াৰ পিছতে অধিক প্ৰতিবাদমুখৰ হৈ পৰে গুজৰাটৰ চৰকাৰী কৰ্মচাৰী সকল ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments