Saturday, July 5, 2025
Homeঅসমআজিৰে পৰা চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিছে ৪ দিন ছুটী

আজিৰে পৰা চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিছে ৪ দিন ছুটী

 

ডিজিটেল ডেস্ক, ANEWS24X7:ৰাজ্য চৰকাৰৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে বিশেষ ছুটী । পিতৃ–মাতৃৰ সৈতে সময় অতিবাহিত কৰিবৰ বাবে চৰকাৰী কৰ্মচাৰীসকলক চৰকাৰে প্ৰদান কৰিছে এই বিশেষ সুবিধা।

দৈনন্দিন কামৰ পৰা আঁতৰি পিতৃ–মাতৃৰ সৈতে সময় কটাব পাৰিব চৰকাৰী কৰ্মচাৰীসকলে। আজিৰে পৰা চৰকাৰী কৰ্মচাৰীসকলে লাভ কৰিব চাৰিদিনৰ ছুটী। দুদিন চৰকাৰী বন্ধ আৰু দুদিনৰ বাবে ছুটী মঞ্জুৰ কৰ্মচাৰীৰ বাবে। ৯ আৰু ১০ ফেব্ৰুৱাৰীত ছুটী মঞ্জুৰ আৰু ১১–১২ ফেব্ৰুৱাৰীত থাকিব চৰকাৰী বন্ধ।

অৰ্থাৎ একেলগে চাৰিদিনৰ বাবে কামৰ পৰা সকাহ পাব চৰকাৰী কৰ্মচাৰীসকলে। ইপিনে ছুটী লৈ অৱসৰ বিনোদন কৰিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে। সয়েহে পিতৃ–মাতৃৰ সৈতে সময় কটোৱাৰ বাবেহে মঞ্জুৰ কৰা হৈছে এই ছুটী। এই বন্ধৰ সময়ত পিতৃ–মাতৃৰ সৈতে সময় কটোৱাৰ প্ৰমাণ দিব লাগিব কৰ্মচাৰীসকলে। তাৰ বাবে নিৰ্দিষ্ট চৰকাৰী কাৰ্যালয়ৰ ঊৰ্ধ্বতম বিষয়াক ফটোৰ আকাৰত জমা দিব লাগিব প্ৰমাণ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments