Monday, July 7, 2025
Homeঅসমভূগৰ্ভস্থ জল নিষ্কাষনৰ বাবে প্ৰয়োজন হ’ব চৰকাৰৰ অনুমতি

ভূগৰ্ভস্থ জল নিষ্কাষনৰ বাবে প্ৰয়োজন হ’ব চৰকাৰৰ অনুমতি

 

ডিজিটেল ডেস্ক, ANEWS24X7 : ভূগৰ্ভস্থ জল নিষ্কাষনৰ বাবে এতিয়াৰে পৰা প্ৰয়োজন হ’ব চৰকাৰৰ অনুমতি ৷ ৰাজ্য চৰকাৰে ভূগৰ্ভস্থ জল নিষ্কাষনৰ বাবে ঘোষণা কৰিছে নতুন নিয়ম ৷ জলসিঞ্চন মন্ত্ৰী অশোক সিংঘালে ঘোষণা কৰিছে অসম ভূগৰ্ভস্থ জল নিয়ন্ত্ৰণ আইন-২০২২ ৷ এই আইনৰ অধীনত এতিয়াৰে পৰা ৰাজ্যত ভূগৰ্ভস্থ জল নিষ্কাষনৰ পূৰ্বে ৰাজ্য চৰকাৰৰ পৰা অনুমতি ল’ব লাগিব ৷ নিষ্কাষন কৰিবলে লোৱা ব্যক্তিয়ে কৰণ দৰ্শাব লাগিব ৷

কি কৰাণে ভূগৰ্ভস্থ জল নিষ্কাষন কৰিব বিচাৰে , ঘৰুৱা ব্যৱহাৰৰ বাবে নে বানিজ্য বা উদ্যোগৰ বাবে ৷ লগতে অবেদনকাৰীয়ে নিজৰ অঞ্চলত চৰকাৰী পানী যোগান আচনিৰ উপলব্ধতাহীনৰ প্ৰমাণ পত্ৰও দাখিল কৰিব লাগিব । চিকিৎসালয়, চৰকাৰী অতিথি গৃহ, বিদ্যালয় আদিৰ দৰে অনুষ্ঠানে এই সমূহ তথ্যৰ সৈতে এন অ’ চি ও দাখিল কৰিব লাগিব নিষ্কাষনৰ বাবে । আনহাতে, টিউবৱেল নিৰ্মাণৰ বাবে ৩০ দিন পূৰ্বে অনুমতি ল’ব লাগিব ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments