ডিজিটেল ডেস্ক, ANEWS24X7: সমাগত পোহৰৰ উৎসৱ দীপাৱলী ৷ দীপাৱলীৰ বাবে নিউয়ৰ্কত চৰকাৰী বিদ্যালয় বন্ধ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ অগন্তুক বৰ্ষৰ পৰা নিউয়ৰ্কৰ বিদ্যালয় সমূহত দীপাৱলীৰ বন্ধ থাকিব ৷ বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে চহৰখনৰ মেয়ৰ এৰিক এডামছে ৷
এই সন্দৰ্ভত মেয়ৰ এৰিক এডামছে কয় যে, ‘‘উৎসৱটোৰ বিষয়ে শিশুসকলৰ মাজত অধিক উৎসাহ বৃদ্ধি কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ আমি সদায় এই উৎসৱৰ বিষয়ে আমাৰ পৰৱৰ্তী প্ৰজন্মৰ বাবে আগ্ৰহ সৃষ্টি কৰিব বিচাৰিছিলো ৷ আমাৰ ভিতৰত থকা পোহৰে যিকোনো অন্ধকাৰ আঁতৰাব পাৰে ৷ ’’
নিউয়ৰ্কত ভাৰতৰ কনচাল জেনেৰেল ৰণধীৰ জয়ছোৱালে কয়,‘‘ ভাৰতীয়-আমেৰিকানসকলে এই সন্দৰ্ভত দীৰ্ঘদিন ধৰি দাবী উত্থাপন কৰি অহা হৈছিল । নিউয়ৰ্কৰ বৈচিত্ৰ্যৰ ক্ষেত্ৰত এই স্বীকৃতি উল্লেখযোগ্য। সকলো ধৰণৰ মানুহে ভাৰতীয় সংস্কৃতি, পৰম্পৰা বুজিবলৈ সক্ষম হ’ব।’’
উল্লেখ্য যে , নিউয়ৰ্কত বহুতো ভাৰতীয় লোক বাস কৰে ৷ ভাৰতীয়-আমেৰিকান সকলে দীৰ্ঘদিন ধৰি দেৱালীৰ উৎসৱ সমূহত বন্ধৰ দাবী উত্থাপন কৰি আহিছে ৷ অৱশেষত বৃহস্পতিবাৰে এই দাবী পূৰ্ণ কৰা হ’ল ৷ এই সময়চোৱাত আমেৰিকাকে ধৰি পশ্চিমীয়া দেশসমূহত ‘হেলোইন’ উৎসৱ উদযাপন কৰা হয় ৷