ডিজিটেল ডেস্ক, anews24x7: গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম চৰকাৰে চুক্তি স্বাক্ষৰ সমাৰোহ অনুষ্ঠানৰ মাজেৰে বহুকেইটা কোম্পানীৰ সৈতে চুক্তি বুজাবুজি কৰে। চৰকাৰৰ আৰু ব্যক্তিগত খণ্ডৰ উদ্যোগৰে হোৱা বুজাবুজি চুক্তি ৰাজ্য চৰকাৰৰ ২ বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে কৰা হয়।
১০ মে’ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দ্বিতীয় বৰ্ষপূৰ্তি পূৰ কৰিব। ইপিনে ৮,২০১ কোটি টকাৰ চুক্তি স্বাক্ষৰ কৰা হয়। ৯টা উদ্যোগিক প্ৰতিষ্ঠানৰ সৈতে বুজাবুজিৰ চুক্তি অনুসৰি ৪,৬৫৩ কোটি টকাৰ চিমেণ্ট প্লাণ্ট হ’ব উমৰাংছ’ত, ১৪০ কোটি টকাৰে DS গ্ৰুপে ইলেকট্ৰিক গাড়ী নিৰ্মাণ কৰিব।
আনহাতে পেপছি কোম্পানীয়ে প্ৰস্তুত কৰিব পটেটো চিপ্ছ। চুক্তি অনুসৰি তিনিটা চিমেণ্ট উদ্যোগ, ইলেকট্ৰিক বাহন নিৰ্মাতা কোম্পানীৰ লগতে আইফোন নিৰ্মাণৰ প্লাণ্টো নিৰ্মাণ কৰা হ’ব।