ডিডিটেল ডেস্ক ANEWS24X7: ৰাজ্য চৰকাৰে ৰাজ্যৰ কৃষক সকলক উপকৃত কৰাৰ লগতে কৃষিজাত সমগ্ৰীৰ উচ্চিত মূল্য প্ৰদানৰ উদেশ্যে মুঠ ছটা প্রতিষ্ঠানক ৰাজ্যৰ কৃষকৰ পৰা ১০ লাখ মেট্রিক টন ধান ক্রয় কৰাৰ দায়িত্ব অৰ্জন কৰিছিল । পিছে ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত নিৰ্ধাৰিত লক্ষ্যত উপনিত হ’ব নোৱাৰিলে যদিও পূৰ্ৱৰ সকলো অভিলেখ ভংগ কৰিবলৈ সক্ষ্যম হৈছে ৷ চলিত বছৰত ন্যূনতম সমর্থিত মূল্যত ৰাজ্যৰ কৃষকৰ পৰা মুঠ ৫ লাখ মেট্রিক টন ধান ক্রয় কৰিবলৈ সক্ষম হয় ।
ইয়াৰ দ্বাৰা ৰাজ্যৰ মুঠ ৪৩,০০০ কৃষক পৰিয়ালে প্ৰতি কুইণ্টল ধানৰ বাবদ ১৯৪০ টকা দৰত মুঠ ৯৭২ কোটি টকা লাভ কৰিবলৈ সক্ষম হয় । এই ধনৰাশী কোনো মধ্যভোগী দালালৰ অবিহনে পুনপটীয়াকৈ ৰাজ্যৰ কৃষকৰ একাউন্টত প্ৰদান কৰা হয় ৷ ৰাজ্য চৰকাৰে কৃষকৰ পৰা ন্যূনতম সমর্থিত মূল্যত ধান ক্ৰয় কৰিবৰ বাবে ভাৰতীয় খাদ্য নিগম , অসম কৃষি সামগ্রী বিপণন পৰিষদ , ভাৰতীয় ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফেডাৰেচন,ভাৰতৰ কৃষক ক্ৰয়,প্ৰক্ৰিয়াকৰণ আৰু খুচুৰা ব্যৱসায়িক সমবায়ৰ ৰাষ্ট্ৰীয় ফেডাৰেচন,খাদ্য আৰু অসামৰিক যোগান নিগম আৰু এন চি চি এফক দ্বায়িত্ব অৰ্পন কৰিছিল ।
উল্লেখ্য যে ২০১৮-১৯ বৰ্ষত অসমৰ কৃষকৰ পৰা ন্যূনতম সমর্থিত দামত ১.৫৩ লাখ মেট্ৰিক টন, ২০১৯-২০ বৰ্ষত ৩.১৫ মেট্ৰিক টন আৰু ২০২০-২১ বৰ্ষত ২.১১ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰিছিল ।