ডিজিটেল ডেস্ক, ANEWS24X7: অসম লোকসেৱা আয়োগৰ ভাষা বিষয়ক প্ৰশ্নকাকতক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায় ৷
ৰাজ্য চৰকাৰে অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা অসমীয়া ভাষা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্তক বৈধতা প্ৰদান কৰিছে উচ্চ ন্যায়ালয়ে ৷ এতিয়াৰে পৰা এপিএছচিৰ পৰীক্ষাত অসমীয়া ভাষাৰ পৰীক্ষা অবিহনে অনুষ্ঠিত কৰা হ’ব ৷
চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজনিত আৱেদন কৰা হৈছিল । ইয়াৰ ফলত APSC ২০২০ বৰ্ষৰ অসম লোকসেৱা আয়োগৰ মূল পৰীক্ষা ফলাফল ঘোষণা কৰিব পৰা যোৱা নাছিল । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ পিছতে লোকসেৱা আয়োগ কৰ্তৃপক্ষক ইয়াৰ ফলাফল ঘোষণা কৰিবলৈ অনুমতি প্ৰদান কৰিছে ।
উল্লেখ্য যে , বঙাইগাঁৱত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা ভাষা বিষয়ক পৰীক্ষা উঠাই লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷ ইয়াত পিছতে এপিএছচি পৰীক্ষাৰ পৰা অসমীয়া বিষয়ৰ প্ৰশ্ন কাকত প্ৰত্যাহাৰ কৰা হৈছিল ৷