ডিজিটেল ডেস্ক ANEWS24X7: বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ৷ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত গুৱাহাটীৰ তিনিটা ফেৰিঘাট বুৰ গৈছে ৷ ইয়াৰ ফলত সময়িকভাৱে বাতিল কৰা হৈছে গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা ৷ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠত বুৰ যোৱাৰ ফলত ক্ষতিগ্ৰস্ত হৈছে ফেৰীঘাট কেইটা ৷
ইয়াৰ ফলত পুৱাৰে পৰা ব্ৰহ্মপুত্ৰৰ দুয়োকাষে যাত্ৰীসকলৰ ভিৰ পৰিলক্ষিত হৈছে ৷ ঘাট মেৰামতি কৰাৰ পিছতহে পুনৰ আৰম্ভ কৰা হ’ব ফেৰী সেৱা ৷ এই সময়চোৱাত যাত্ৰী সকলে যাতায়তৰ বাবে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰ’পেক্স সেৱা গ্ৰহণ কৰিব পাৰিব