ডিজিটেল ডেস্ক, ২৩জুনঃ সমগ্ৰ ভাৰতৰ ৩৭টা আঞ্চলিক পাছপ’ৰ্ট কাৰ্যালয়ৰ মাজত দৃষ্টান্ত প্ৰদৰ্শনৰ বাবে গুৱাহাটীৰ আঞ্চলিক পাছপ’ৰ্ট কাৰ্যালয়ক ‘পাছপ’ৰ্ট সেৱাপুৰস্কাৰ’ সন্মানেৰে সন্মানিত কৰা হৈছে।নতুন দিল্লীত বাৰ্ষিক আঞ্চলিক পাছপ’ৰ্ট বিষয়া সন্মিলনত এই বঁটা প্ৰদান কৰা হয়।
বাৰ্ষিক আঞ্চলিক পাছপ’ৰ্ট বিষয়া সন্মিলনত গুৱাহাটীৰ আঞ্চলিক পাছপ’ৰ্ট কাৰ্যালয়ক ‘পাছপ’ৰ্ট সেৱাপুৰস্কাৰ’ৰে সম্বৰ্ধনা জনোৱা হৈছে।গুৱাহাটীৰ আঞ্চলিক পাছপ’ৰ্ট বিষয়া আই এফ এছৰ চেৰাকুং জেলিয়াঙে এই বঁটা গ্ৰহণ কৰে বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙৰ পৰা। ২২ জুনত নতুন দিল্লীত এই সন্মিলন অনুষ্ঠিত হয়।
এই প্ৰশংসাই দেশজুৰি ৩৭টা আঞ্চলিক পাছপ’ৰ্ট কাৰ্যালয়ৰ মাজত অসাধাৰণ প্ৰদৰ্শনক স্বীকৃতি প্ৰদান কৰে।বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে নিৰ্ধাৰণ কৰা মূল্যায়নৰ মাপকাঠীসমূহৰ ভিতৰত আছে অভিযোগ নিয়ন্ত্ৰণৰ দক্ষতা, গড় প্ৰিন্ট আৰু বিতৰণ সময়, একেদিনাই ফাইল প্ৰক্ৰিয়াকৰণ, আৰু প্ৰতি কৰ্মচাৰীৰ উৎপাদনশীলতা।
গুৱাহাটী কাৰ্যালয়ৰ অধিকাৰক্ষেত্ৰ অসমৰ বাহিৰলৈ বিস্তৃত হৈ উত্তৰ-পূবৰ আন পাঁচখন ৰাজ্য: অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, আৰু নাগালেণ্ড সামৰি লৈছে। এই বঁটাৰ জৰিয়তে অঞ্চলটোৰ বৈচিত্ৰময় জনসংখ্যাক ফলপ্ৰসূভাৱে সেৱা আগবঢ়োৱাৰ বাবে কাৰ্যালয়টোৰ দায়বদ্ধতাক উজ্জ্বল কৰি তোলা হৈছে।