ডিজিটেল ডেস্ক, ৩০ অক্টোবৰ: অভিশপ্ত ৩০ অক্টোবৰৰ ১৫টা বছৰ। অসমৰ ইতিহাসৰ ক’লা দিন । ২০০৮ চনৰ ৩০ অক্টোবৰ দিনটোতে ধাৰাবাহিক বিস্ফোৰণত কপি উঠিছিল সমগ্ৰ অসম । ক’লা ধোৱাই আৱৰি ধৰিছিল চাৰিওফালে,চাৰিওফালে কেৱল হুৱাদুৱা । বহুজনে হেৰুৱাইছিল জীৱন, বহুজনে আকোৱালি লৈছিল পংগুত্ব । এই ঘটনাই অৰ্থাৎ আজি 15 বছৰ সম্পূৰ্ণ কৰিলে এই বিস্ফোৰনৰ ঘটনাই ।
‘মা তই চিন্তা নকৰিবি মই ঘূৰি আহিম। কিন্তু সি ঘুৰি নাহিল।সি সেইদিনাখন অটোখন চলাই আহিছিল। আগতে চলোৱা নাছিল, এনে ককায়েকে চলাইছিল। গণেশগুৰিত হুকহুকাই কান্দি উঠিল দুৰ্ভগীয়া মাতৃ। আপুনি কি শান্তনা দি আছে। আজি ১৫ বছৰে সেই জুই বুকুত লৈ জীয়াই আছো। নিদিলে নিদো বুলি কওক। চন্দ্ৰমোহন পাটোৱাৰীক কাষতে পাই ক্ষোভ উজাৰিলে এগৰাকী মাতৃয়ে’
ইফালে চন্দ্ৰমোহন পাটোৱাৰীৰ দায়সৰা মন্তব্য। সন্ত্ৰাসবাদী সদাই সন্ত্ৰাসবাদীয়ে হয়। যি সকলৰ মৃত্যু হ’ল তেওঁলোকৰ পৰিয়ালৰ কি অৱস্থা হৈ আছে। সেইটো অকল তেওঁলোকে হে বুজি পাব আন কোনেও নাপাই। কংগ্ৰেছৰ দিনতে যিহেতু এই ঘটনাটো সংঘটিত হৈছিল তেনেহ’লে সেই সময়তে ভুক্তভোগী সকলে চাকৰি পাব লাগিছিল।