ডিজিটেল ডেস্ক ANEWS24X7: ৫ ছেপ্টেম্বৰত ঘোষণা কৰা হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক মহলাৰ ষষ্ঠ ষাণ্মাসিকৰ পৰীক্ষাৰ ফলাফল । ইয়াৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক পঞ্চম ষাণ্মাসিকৰ পৰীক্ষাৰ পুনৰ মূল্যায়নৰ ফলাফলো ঘোষণা কৰা হ’ব ।গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকৰ তৰফৰ পৰা সদৰী কৰিছে এই কথা ।
বৃহস্পতিবাৰে এই সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকৰ তৰফৰ পৰা এক জাননী জাৰি কৰিছে ।
জননী খনৰ জৰিয়তে জনোৱা হয় যে , স্নাতক পঞ্চম ষাণ্মাসিকৰ পৰীক্ষাৰ ফলাফলকলৈ ছ’চিয়েল মিডিয়াযোগে এক বিভ্ৰান্তিকৰ বাৰ্তা প্ৰচাৰ হৈ আছে । পঞ্চম ষাণ্মাসিকৰ পৰীক্ষাৰ পুনৰ মূল্যায়নৰ বাবে আবেদন কৰা পৰীক্ষাৰ্থীসকলে পঞ্চম ষাণ্মাসিকৰ পৰীক্ষাৰ পুনৰ মূল্যায়নৰ বহীৰ ফলাফল গুৱাহাটী বিশ্ববিদ্যালয়লৈ আহি চাব পাৰিব । ১২ ছেপ্টেম্বৰৰ পৰা ২৪ ছেপ্টেম্বৰলৈ এই ব্যৱস্থা কৰা হৈছে ।