ডিজিটেল ডেস্ক, ২আগষ্ট: বিটিআৰত আহি বহুত দলে ৰাজনীতি কৰিব । যেতিয়া ঘৰ জ্বলিছিল কোনো নাছিল ।
উপ নিৰ্বাচনত চিদলী সমষ্টিত বৃহৎ ভোটত জয়লাভ কৰিম ।
কোনে ক’ত ৰাজনীতি কৰি আছে মই নাজানো, আমি ধৰ্ম পালন কৰি আছোঁ ।
নিৰ্বাচনৰ সময়ত মিত্ৰজোটৰ ভিতৰত এটা দলে আনটো দলত যোগদান কৰিব নালাগে বোলা ধৰ্ম আমি পালন কৰি আছোঁ ।
যেতিয়ালৈকে ৰাজনীতিত আছোঁ, তেতিয়ালৈকে নিৰ্বাচন খেলিব লাগিব ।
উল্লেখ্য যে, আজি বাক্সাৰ শিমলাগুৰী মাইনাওগামী প্ৰাথমিক বিদ্যালয়ত SOPD আঁচনিৰ জৰিয়তে ২৬,৭০০ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে বিদ্যালয় গৃহ মুকলি কৰি বহু বিস্ফোৰক মন্তব্য প্ৰদান কৰে বিটিচি প্ৰধান প্ৰমোদ বড়োৱে ।
আজিৰ গৃহ নিৰ্মাণৰ কাৰ্যসূচীত বিটিচি প্ৰধানগৰাকীক সংগ দিয়ে শালবাৰী সমষ্টি পাৰিষদ জয় মুছাহাৰী, তামুলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক চণ্ডীচৰণ বসুমতাৰী, টিচিএলচিচি অধ্যক্ষ বিনোদ মছাহাৰীৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি ইউ পি পি এল নেতা কৰ্মী ।