ডিজিটেল ডেস্ক, ANEWS24X7: ১৪ এপ্ৰিলত গ্ৰীনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছৰ বাবে অনুষ্ঠিত হ’ব লগীয়া মেগা বিহুৰ বাবে হাজোত অনুষ্ঠিত হৈছিল এখন দলীয় সভা। সভাত হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়া উপস্থিত আছিল যদিও ।সভাত মন্ত্ৰী জয়মল্ল বৰুৱা উপস্থিত নহল।
ইপিনে বিহুক বিশ্বৰ দৰবাৰলৈ নিয়াৰ বাবে আলোচনা কৰি দলীয় কৰ্মী গৃহ অভিমুখে উভতাৰ পথত বৰুৱাবাৰী দলংৰ সমীপত দলীয় কৰ্মীৰ মাজত লাগিল প্ৰচণ্ড মাৰপিত। প্ৰথমে বাক বিতৰ্ক তাৰ পিছত আৰম্ভ হ’ল প্ৰচণ্ড মাৰপিত। উভয় পক্ষই ইজনে সিজনক দোষাৰোপ কৰাও দেখা গল ।
ঘটনাত দুয়োপক্ষই গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয়। বিগত কিছু দিনৰ পৰা চৰকাৰী আচনি তথা দলীয় কাম কাজক লৈ বাক বিতৰ্ক হৈ আহিছিল ।অবশেষত দুয়োপক্ষই উপায়হীন হৈ হাজো আৰক্ষীৰ কাষ চাপে।