ডিজিটেল ডেস্ক, ANEWS24X7: গণেশ বিসৰ্জনত সংঘটিত হৈছে শোকাৱহ দুৰ্ঘটনা ৷ হাৰিয়ানাত দহদিনীয়াকৈ আয়োজন কৰা গণেশ উৎসৱৰ সামৰণিৰ দিনা গণেশ মূৰ্তি বিসৰ্জন অনুষ্ঠানৰ সময়ত ৰাজ্যখনৰ দুখন জিলাত ৭ জনকৈ লোকৰ সলিল সমাধি ঘটে ।
শুক্ৰবাৰে নিশা হাৰিয়ানাত গণেশ উৎসৱৰ আনন্দত বিঘিনি ঘটাই সংঘটিত হৈছে শোকাৱহ দুৰ্ঘটনা । গণেশ উৎসৱৰ সামৰণি অনুষ্ঠানত নদীত গণেশৰ মূৰ্তি বিসৰ্জন কৰিবলৈ যোৱাৰ সময়ত সংঘটিত হৈছে এই ঘটনা ৷
পৃথক পৃথক স্থানত সংঘটিত হোৱা দুটা দুৰ্ঘটনাত মৃত্যু হয় ৭ জন লোকৰ ৷ ৰাজ্যখনৰ চনিপতত তিনিজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে মহেন্দ্ৰগড়ত আন চাৰিজন লোকৰ মৃত্যু হয় ।
এই ঘটনা সন্দৰ্ভত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মনোহৰলাল খট্টৰে শোক প্ৰকাশ কৰাৰ লগতে মৃতকৰ পৰিয়াললৈ সমবেদনা জনায় । আনহাতে এনে দুৰ্ঘটনাত কেইবাগৰাকী ব্যক্তিক এনডিআৰএফৰ উদ্ধাৰকাৰী দলে জীৱন্তে উদ্ধাৰ কৰে বুলি সদৰী কৰে ৷ লগতে আহতসকলৰ দ্ৰুত আৰোগ্য কামনা কৰে।