Tuesday, July 8, 2025
Homeআন্তঃৰাষ্ট্ৰীয়কিমান ওজনৰ ৰঙালাও দেখিছে ? দৈত্যাকৃতিৰ ৰঙালাও দেখিছেনে 

কিমান ওজনৰ ৰঙালাও দেখিছে ? দৈত্যাকৃতিৰ ৰঙালাও দেখিছেনে 

ডিজিটেল ডেস্ক, ANEWS24X7: এটা ৰঙালাওৰ ওজন কিমান হ’ব পাৰে? ১০ কিলো, অত্যাধিক ১৫ কিলো। কিন্তু আপুনি কেতিয়াবা শুনিছেনে যে ৰঙালাওৰ ওজন পাঁচ, ১০ বা ১৫ কিলো নহয়, ১১৫৮ কিলো?

অবিশ্বাস্য যদিও এইটো সত্য । এজন কৃষকে উৎপাদন কৰিছে এই দৈত্যাকৃতিৰ ৰঙলাওটো । এই ৰঙালাওটো কেৱল ওজনৰ বাবে নহয়, ইয়াৰ আকৃতিটোৱেও অভিলেখ সৃষ্টি কৰিছে।

আমেৰিকাৰ নিউয়ৰ্কৰ এজন খেতিয়ক স্কট এণ্ড্ৰেছে তেওঁৰ পথাৰত ৰঙালাও খেতি কৰিছিল। স্কট এণ্ড্ৰেছে উৎপাদন কৰিছে এই দৈত্যাকৃতিৰ ৰঙালাওটো । দৈত্যাকৃতি ৰঙালাওটোৱে নিউয়ৰ্কৰ ‘দ্য গ্ৰেট পামকিন ফাৰ্ম’ নামৰ প্ৰতিযোগিতাখনত শ্ৰেষ্ঠ পুৰস্কাৰ লাভ কৰিছিল ।

বিশ্ব ৰেকৰ্ডৰ লক্ষ্যত উপনিত হবলৈ এই ৰঙালওটোৰ কেই কেজিমান বাকী ৰৈছিল । ইয়াৰ বিপৰিতে ইটালীৰ
এজন কৃষকে ১২২৫ কিলোগ্ৰাম ওজনৰ ৰঙালাও উৎপাদন কৰি বিশ্ব অভিলেখ গঢ়িছে।

এই সন্দৰ্ভত ৰঙালাও খেতিয়ক স্কটে কয় যে ,‘‘ লক্ষ্য আছিল বিশ্ব অভিলেখ স্থাপন কৰা । ইয়াৰ বাবে দিন ৰাতি একাকাৰ কাৰি যত্ন লোৱা হৈছিল । বিশ্ব ৰেকৰ্ডৰ লক্ষ্যত উপনিত হ’বলৈ কেই কেজিমান ওজনৰ প্ৰয়োজন হৈছিল । ইয়াকলৈ মোৰ কোনো অনুসূচনা নাই । বিশ্ব ৰেকৰ্ড গঢ়িব নোৱাৰিলেও উত্তৰ আমেৰিকাৰ আটাইতকৈ গধুৰ ৰঙালাওৰ অভিলেখ গঢ়িছো। সেইটোতেই মই সন্তুষ্ট।’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments