ডিজিটেল ডেস্ক, anews24x7: PFI আৰু CFI তিনি শীৰ্ষ নেতাৰ গ্ৰেপ্তাৰক লৈ বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাৰ সংবাদমেল ৷বৃহস্পতিবাৰে বৰপেটাৰোড ৰেল ষ্টেচনত বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাৰ নেতৃত্বত গ্ৰেপ্তাৰ কৰে PFI আৰু CFI ৰ এই শীৰ্ষ নেতা কেইগৰাকীক।
গ্ৰেপ্তাৰ কৰা CFI আৰু PFI নেতা কেইগৰাকী হ’ল – জাহিদুল ইছলাম, জাকিৰ হুছেইন আৰু আবু ছামা ৷বাক্সাৰ গোৱৰ্ধনাৰ সনবাৰী গাৱত ঘৰ CFI নেতা জাহিদুল ইছলামৰ ৷আনহাতে PFI ৰ ৰাজ্যিক সম্পাদক জাকিৰ হুছেইনৰ ঘৰ বাক্সাৰ গোৱৰ্ধনা গাৱত ৷ আৰু PFI ৰ ৰাজ্যিক সভাপতি আবু চামাৰ ঘৰ হ’ল বৰপেটা ৰোডৰ ৯ নং ৱাৰ্ডত ৷
আৰক্ষীয়ে ধৃত PFI আৰু CFI নেতা দুজনৰ পৰা নগদ ডেৰ লাখ টকাৰ লগতে বেংকৰ নথি আৰু আন কেতবোৰ নথিপত্ৰ জব্দ কৰিছে ৷আৰক্ষী অধীক্ষকে জনোৱামতে, ৰাজ্যত এতিয়াও অব্যাহত আছে নিষিদ্ধ ঘোষিত PFI ৰ সাংগঠনিক তৎপৰতা ৷ বহিঃৰাজ্যত বাহৰ পাতি অসমৰ দুই শীৰ্ষ PFI আৰু CFI নেতাই চলাই গৈছিল সাংগঠনিক কাম কাজ ৷অসমৰ পৰা পলাই গৈ দীৰ্ঘদিন দেশৰ ভিন্ন ৰাজ্যত আত্মগোপন কৰি আছিল এই দুই PFI আৰু CFI নেতাই ৷
দিল্লীৰ পৰা ৰেলযোগে অসমত প্ৰৱেশৰ পিচতে বৰপেটাৰোড ৰেলৱে ষ্টেচনত অভিযান চলাই PFI আৰু CFIৰ নেতা দুজনৰ লগতে সম্প্ৰতি জামিনত থকা PFIৰ সভাপতি আবু ছামাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷দিল্লীৰ পৰা গোপনে অসমত প্ৰৱেশ কৰা জাকিৰ হুছেইন আৰু জাহিদুল ইছলামক ৰেলৱে বৰপেটাৰোড ৰেলৱে ষ্টেচনৰ পৰা গোপন স্থানলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছিল PFI নেতা আবু ছামাই ৷আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱামতে দীৰ্ঘদিন ধৰি আৰক্ষীয়ে বিচাৰি আছিল এই দুই শীৰ্ষ PFI আৰু CFI নেতাক ৷
এই তিনি শীৰ্ষ PFI আৰু CFI নেতাৰ সোধ পোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷আজি তিনি PFI আৰু CFI নেতাক বৰপেটা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰা হব।অবশ্যে আৰক্ষীয়ে তদন্তৰ খাটিৰত তিনি শীৰ্ষ নেতাক নিজৰ জিম্মাত বিচাৰি আদালতত আবেদন জনাব।
