Friday, July 4, 2025
Homeঅসমধুবুৰীৰ আলমগঞ্জৰ জৱাহৰ নৱোদয়ত ছাত্ৰ ছাত্ৰীক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা

ধুবুৰীৰ আলমগঞ্জৰ জৱাহৰ নৱোদয়ত ছাত্ৰ ছাত্ৰীক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা

ধুবুৰী জিলাৰ আলমগঞ্জত থকা জৱাহৰ নৱোদয় বিদ্যালয়ৰ ছাত্র ছাত্ৰী সকলক আজি বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰি ঔষধ বিতৰণ কৰে । ৪০৫ গৰাকী ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়ত অনুষ্ঠিত স্বাস্থ্য শিবিৰ টো অধ্যক্ষ বি আৰ শৰ্মাই কয় যে স্বাস্থ্যই মানুহৰ পৰম সম্পদ , স্বাস্থ্য ভালে ৰাখিব পাৰিলেহে মানুহে সুখ শান্তিৰে জীয়াই থাকিব পাৰে।

সেয়েহে ছাত্ৰ ছাত্ৰী সকলক সময়ে সময়ে স্বাস্থ্য পৰীক্ষা কৰি প্ৰয়োজনীয় ঔষধৰ ব্যৱস্থা কৰা হৈছে । অৱশ্যে শিক্ষক সুনীল কুমাৰ যাদুৱে মুখ্য ভূমিকা লোৱা শিবিৰটোত ডাঃ গণেশ প্ৰশাদ গুপ্তা ,ডাঃ নজৰুল হক মণ্ডল আদি বিশেষজ্ঞ চিকিৎসকে উপস্থিত থাকি ছাত্ৰ ছাত্ৰী সকলৰ স্বাস্থ্য পৰীক্ষা কৰে ।

ইপিনে স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে স্বাস্থ্য ভালে ৰখাৰ বাবে ছাত্ৰ ছাত্ৰীক সু পৰামৰ্শ আগবঢ়ায় চিকিৎসক সকলে ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments