Sunday, July 6, 2025
Homeস্বাস্থ্যHealth Tips : ঔষধ নহয়, দৈনিক খাওক এইবিধ ফল!

Health Tips : ঔষধ নহয়, দৈনিক খাওক এইবিধ ফল!

ডিজিটেল ডেস্ক, ৫জুলাইঃ বৰ্তমান সময়ত সকলোৱে ওজন কমাবলৈ বিচাৰে। কিন্তু সকলোৰে ওজন কমোৱাৰ উপায় বেলেগ। যদিহে আপুনিও ওজন কমাবলৈ বিচাৰিছে তেন্তে আজিয়েই খাওক এই বিধ ফল। যদি আপুনি ওজন কমাবলৈ বিচাৰিছে, তেন্তে নিজৰ খাদ্য তালিকাত কল সন্নিবিষ্ট কৰিব পাৰে। শৰীৰত যদি পুষ্টিৰ অভাৱ হৈছে, তেন্তে সেয়া কলৰ দ্বাৰা পূৰণ হ’ব পাৰে। কলত বহু পুষ্টিকৰ উপাদান আছে যিয়ে শৰীৰক শক্তিশালী কৰি তোলে। এই বিষয়ে চিকিৎসক ডাঃ শ্ৰাবণী মুখাৰ্জীয়ে কৈছে, দিনে দুটাকৈ কল খাব পাৰিলে শৰীৰত পুষ্টিৰ অভাৱ পূৰণ হ’ব আৰু দুৰ্বলতা অনুভৱ নহ’ব। সেয়েহে যদি কোনো লোকৰ পুষ্টিৰ অভাৱ বা দুৰ্বলতা অনুভৱ কৰে, তেন্তে তেওঁলোকে নিতৌ কল খোৱা উচিত।

তেওঁ কয় যে , কল এনে এবিধ ফল য’ত ভৰপূৰ পৰিমাণে পুষ্টিকৰ উপাদান আছে। যেনে ভিটামিন বি, ভিটামিন চি, পটাচিয়াম, মেগনেচিয়াম আদি। কলত প্ৰচুৰ পৰিমাণে খনিজ পদাৰ্থ থাকে যিয়ে শৰীৰত পুষ্টিৰ অভাৱ পূৰণ কৰে। কলত থকা আঁহে শৰীৰত ভাল বেক্টেৰিয়াৰ পৰিমাণ বঢ়াই আৰু কোষ্ঠকাঠিন্যৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰে।লগতে ডাঃ মুখাৰ্জীয়ে কয় যে, যিসকলৰ ওজন বেছি তেওঁলোকে কল খালে সাৱধান হ’ব লাগে। ওজন কমাবলৈ চেষ্টা কৰি থকা লোকসকলে দিনে এটাতকৈ বেছি কল খাব নালাগে। বৰঞ্চ কল খোৱাৰ দিনা বেলেগ কোনো ফল খোৱা উচিত নহয়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments