ডিজিটেল ডেস্ক, Anews24×7: প্ৰেম এক স্বৰ্গীয় অনুভূতি।প্ৰতি গৰাকী প্ৰেমিক-প্ৰেমিকাই বিবাহপাশত আৱদ্ধ হৈ এখন সুখৰ সংসাৰ গঢ়াৰ এক সপোন থাকে ৷ পিছে এই সপোন ভাঙি গলে কেনেকুৱা পৰিস্থিতি হ’ব পাৰে , সেয়া অসহনীয় ৷ সেইয়া অকল্পনীয় ৷
এনে এক হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে বিতোপন তামুলী এজন যুৱকৰ সৈতে। ৰহাৰ চাপৰমুখ বিতোপন তামুলীৰ বিবাহৰ দিন ধাৰ্য হৈছিল ৷ কিন্তু দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল বিতোপনৰ প্ৰেমিকা। অৱশেষত বিতোপনক অকলশৰীয়া কৰি মৃত্যুৰ আগত হাৰ মানি গুচি গ’ল ।
অসহায় প্ৰেমিক বিতোপনে নিজৰ প্ৰেমিকাক কইনাৰ সাজত সজাই শিৰত সেন্দুৰ দি দিলে অনম্তিম বিদায় ।প্ৰেমিকাৰ অন্তিম ইচ্ছা পূৰণ কৰি বিদায় দিলে বিতোপন তামুলীয়ে ৷ সঁচাকৈ এয়া এক হৃদয় বিদাৰক ঘটনা ৷ প্ৰেম সদায় অমৰ , প্ৰেম স্বাৰ্গীয় অনুভূতি ৷