সুস্থ হৈ উঠিছে জুবিন
আজি বিয়লি যাবলৈ দিয়া হ’ল ঘৰলৈ
বুধবাৰে নিশা নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল শিল্পীগৰাকীক
জ্বৰ, কাঁহ আৰু বুকুৰ বিষত আক্ৰান্ত হৈছিল জুবিন গাৰ্গ।
দীৰ্ঘদিনৰ পৰা গেছৰ সমস্যাতো ভুগি আছিল জুবিন।
এতিয়া সুস্থ হৈ উঠিছে জনপ্ৰিয় শিল্পীগৰাকী।
নেমকেয়াৰৰ বিশেষজ্ঞ চিকিৎসকৰ এটা বিশেষ দলে চিকিৎসা কৰিছিল জুবিনৰ
জুবিন গাৰ্গক ১৫-২০ দিনৰ সম্পূৰ্ণ জিৰণিৰ প্ৰয়োজনীয়তা আছে বুলি উল্লেখ কৰে চিকিৎসকে।