ডিজিটেল ডেস্ক, ANEWS24X7: এক ভয়ংকৰ পথ দুৰ্ঘটনা । ৰঙিয়া তিনিআলিৰ ভাৰত ভুটান আন্তঃৰাষ্ট্ৰীয় পথত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো । থিতাতে নিহত দুই বাইক আৰোহি । ইপিনে ৰাইজে জ্বলাই দিলে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন । এখন তীব্ৰেগী ডাম্পাৰে বাইকখনক খুন্দা মৰাৰ ফলত ঘটনাস্থলীতে বাইক আৰোহী দুজনে মৃত্যুক সাৱটি লয় ।
ইপিনে মৃত্যুক আকোৱালি লোৱা এই যুৱক দুজন হৈছে ৰঙিয়া গোগমালাছা ৫ নং ওৱাৰ্ডৰ নাজিম আলী আৰু নলবাৰী জিলাৰ নাৰায়ণ গাওঁৰ হাটিম আলী । দুয়োজন যুৱক পেচাত পকীমিস্ত্ৰী আছিল ।ইফালে ঘটনা সংঘটিত হোৱাৰ পিছতে উত্তেজিত ৰাইজে ড্ৰাম্পাৰখন জ্বলাই দিয়ে ।
আনহাতে ঘটনাস্থলীত কিছু সময়ৰ পিছতে আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নুবাবলৈ সক্ষম হয় লগতে উত্তেজিত ৰাইজে পথ অবৰোধ কৰি দিনৰ ভাগত ড্ৰাম্পাৰৰ দৌৰাত্ম বন্ধ কৰিবলৈ প্ৰতিবাদী ৰাইজে প্ৰশাসনক দাবী জনাই ।