ডিজিটেল ডেস্ক, ANEWS24X7: এলাহাবাদ বিশ্ববিদ্যালয়ত উত্তপ্ত পৰিস্থিতি ৷ বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু নিৰাপত্তাকৰ্মীৰ মাজত সংঘৰ্ষ ৷ সোমবাৰে এজন শিক্ষাৰ্থীক মহাবিদ্যালয় চৌহদত প্ৰৱেশ কৰিবলৈ নিদিয়াকলৈ ছাত্ৰ-ছাত্ৰী আৰু নিৰাপত্তকৰ্মী সকলৰ মজত সংঘৰ্ষৰ সৃষ্টি হয় ৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে মোতায়ন কৰা হৈছে আৰক্ষী বহিনী ৷
ছাত্ৰ-ছাত্ৰী সকলৰ বিৰুদ্ধে আৰক্ষীৰ ওপৰত শিল নিক্ষেপ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ এই সংঘৰ্ষৰ সময়ত এখন বাইক অগ্নিসংযোগ কৰা হৈছে ৷ সংঘৰ্ষটোত দুয়োটা পক্ষৰ কেইবাজনো লোক আগাতপ্ৰাপ্ত হোৱাৰ খবৰ পোৱা গৈছে ৷
আৰক্ষীৰ সূত্ৰৰ খবৰ অনুসৰি এজন ছাত্ৰ নেতা বিশ্ববিদ্যালয়ৰ চৌহদৰ ভিতৰৰ এটা বেংকলৈ গৈছিল ৷ অভিযোগ কৰা হৈছে যে নিৰাপত্তাৰক্ষীয়ে ছাত্ৰজনক চৌহদত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নাছিল ৷
ইয়াৰ ফলত বিবাদৰ সূত্ৰপাত হয় ৷ চৌহদৰ ভিতৰত নিৰাপত্তাৰক্ষীয়ে বাধা দিয়া ছাত্ৰ নেতাজনে বিশ্ববিদ্যালয়খনত মাচুল বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদত অংশ লৈছিল ৷
উল্লেখ্য যে , ছাত্ৰ নেতা অজয় যাদৱ সম্ৰাটৰ নেতৃত্বত বিশ্ববিদ্যালয়খনত মাচুল বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ হৈছিল ৷ যোৱা মাহত তেওঁৰ নেতৃত্বত উপাচাৰ্য সংগীতা শ্ৰীবাস্তৱক ঘেৰাও কৰা হৈছিল ৷ এই ঘটনাৰ পিছতে বিশ্ববিদ্যালয় চৌহদত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷ তাৰ পিছতে সোমবাৰে সংঘৰ্ষই এক নতুন মাত্ৰা পায় ৷