Tuesday, July 8, 2025
Homeউত্তৰ-পূৱমণিপুৰত উত্তপ্ত পৰিস্থিতি

মণিপুৰত উত্তপ্ত পৰিস্থিতি

ডিজিটেল ডেস্ক, ANEWS24X7: মণিপুৰত উত্তপ্ত পৰিস্থিতি ৷ শুক্ৰবাৰে নিশা মণিপুৰৰ কাকচিং জিলাত বিৰাজ কৰে এক উত্তপ্ত পৰিস্থিতি ৷ কাকচিং জিলাৰ পল্লেলত এগৰাকী মহিলাক এগৰাকী আৰক্ষী জোৱানে গুলীয়াই হত্যা কৰাৰ অভিযোগ তুলি ক্ষুদ্ধ হৈ পৰে জনতা ৷ ক্ষুদ্ধ ৰাইজে অগ্নি সংযোগ কৰে আৰক্ষী থানা ৷ এই অগ্নিকাণ্ডত ৩ গৰাকী আৰক্ষী জোৱান গুৰুতৰভাৱে আহত হয় ৷

প্ৰতিবাদী জনতাক নিয়ন্ত্ৰণলৈ আনিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰে ৷ পৰিস্থিতি নিয়ন্ত্ৰৰণৰ বাবে ঘটনাস্থলিত অতিৰিক্ত ভাবে আৰক্ষী নিয়োগ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় ৷ হত্যাৰ অভিযোগ উঠা আৰক্ষী জোৱান কংখাম বীৰজিত ঘটনাটো সংঘটিত কৰিয়ে পলাতক অৱস্থাত আছে ৷

উল্লেখ্য যে পল্লেল থানাত কৰ্মৰত বীৰজিতে শুক্ৰবাৰে নিশা প্ৰায় ৯.২০ বজাত ৰাজ্য চৰকাৰৰ কৰ্মচাৰী মইৰাংথেম অংবি জেম দেৱী নামৰ এগৰাকী মহিলাক গুলীয়াই হত্যা কৰিছিল ৷ মহিলাগৰাকীক পল্লেল মাৰ্নিং লেইকাইৰ এখন দোকানৰ সন্মুখত গুলীয়াই হত্যা কৰিছিল ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments