Monday, July 7, 2025
Homeৰাষ্ট্ৰীয়ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

ডিজিটেল ডেস্ক, anews24x7: ৰাজ্যৰ চৌদিশে নেৰা নেপেৰা বৰষুণ । দেশৰ বেছিভাগ ৰাজ্যত বাৰিষা আগমণৰ লগে লগে মুষলধাৰ বৰষুণ আৰম্ভ হৈছে। ৰাজধানী দিল্লীকে ধৰি বহুতো ৰাজ্যত ধাৰাসাৰ বৰষুণ হৈছে। বতৰ বিজ্ঞান বিভাগে বুধবাৰে দিল্লীত বজ্ৰপাতৰ সৈতে বৰষুণৰ আগজাননি দিছে। দিল্লীত,সৰ্বাধিক তাপমাত্ৰা ৩৪ ডিগ্ৰী চেলচিয়াছ হোৱাৰ সম্ভাৱনা আছে আৰু সৰ্বনিম্ন তাপমাত্ৰা ২৮ ডিগ্ৰী চেলচিয়াছ হোৱাৰ সম্ভাৱনা ।

আনহাতে উত্তৰ প্ৰদেশতো বৰষুণ অব্যাহত থাকিব। অৱশ্যে, দুদিন ধৰি বৰষুণৰ পিছত ৰাজ্যখনৰ কিছুমান জিলাত ৰ’দ দিছিল । যাৰ বাবে আৰ্দ্ৰতা বৃদ্ধি পাইছিল । ইপিনে উত্তৰাখণ্ডৰ উত্তৰকাশী, ৰুদ্ৰপ্ৰয়াগ, ডেৰাডুন, বাগেশ্বৰকে ধৰি বহুতো অঞ্চলত বৰষুণ সম্ভাৱনা আছে।

বিভাগটোৱে এই অঞ্চলবোৰৰ বাবে সতৰ্কবাণী জাৰি কৰিছে লগতে, 8 জুলাই লৈকে হালধীয়া সতৰ্কতা জাৰি কৰা হৈছে। হিমাচল প্ৰদেশত, যোৱা কেইদিনমান ধৰি ধাৰাসাৰ বৰষুণৰ ফলত ভূমিস্খলন আৰু বানপানীৰ সমস্যা হৈছিল। অৱশ্যে, ৰাজ্যখনত এতিয়া বতৰ স্বাভাৱিক। লগতে, আকৌ এবাৰ পৰ্যটকৰ ভিৰ জমা হ’বলৈ আৰম্ভ কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments